ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকা পৰিলক্ষিত হৈছে।
শুকুৰবাৰে জিলাখনৰ বিলাসীপাৰাৰ কদমতোলা ২য় খণ্ডত চলি থকা বিবাহথলীৰ পৰা কাজী আৰু দৰা সহ ৫ জনক আটক কৰা হয়। কোকৰাঝাৰৰ পৰা কদমতোলা ২য় খণ্ড গাঁৱৰ হানিফ আলীৰ নাবালিকা ছোৱালীক বিয়া পাতিবলৈ আহিছিল দৰাসহ বিবাহ যাত্ৰীৰ এটা দল।
গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দৰা জুলহাছ শ্বেখ ,জয়নাল আবেদিন, ছুনু শ্বেখ আৰু জহিৰুল ইছলাম আটক কৰে। বিয়া সম্পন্ন কৰিব অহা কাজী আবুল হুছেইনকো আটক কৰে আৰক্ষীয়ে। পিছত বিলাসীপাৰা থানাত ৯/১০/১১ Provision of Child Marriage Act ৰ অধীনত ১৯৬/২৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে। সম্প্ৰতি বিলাসীপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
