সুদখোৰৰ প্ৰকোপ চতিয়া অঞ্চলত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। সুদ খোৰৰ কৱলত পৰি চতিয়াৰ বহু কেইটা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ উপৰিও বহু কেইজনে আত্মহননৰ পথ বাচি ল'বলৈ বাধ্য হৈছে।
চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে এটা সময়ত সুদখোৰৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও সেই অভিযানৰ ধাৰাবাহিকতা নথকাৰ সুযোগ লৈ একাংশ লোকে চলাই গৈছে অবৈধ সুদৰ বিশাল সাম্ৰাজ্য। চতিয়াৰ দক্ষিণ অঞ্চলৰ আমিৰ আলী নামৰ এজন লোক সুদ খোৰৰ কবলত পৰি দিকবিদিক হেৰুৱাই পেলাইছে।
চতিয়াৰ দক্ষিণ অঞ্চলৰ ২ নং আধাভেটিৰ আমিৰ আলীয়ে কটৰাআটিৰ হজৰত আলী নামৰ লোকজনৰ পৰা কেইবছৰমানৰ আগতে ১ লাখ টকা লৈছিল ১০ টকা সুদত। হজৰতক সুদৰ বিনিময়ত কেইবা লাখো টকা আদায় দিলে আমিৰে কিন্তু আজিও সুদ শেষেই নহ’ল।
ইফালে, ঋণ লোৱা পৰিয়ালৰ পৰা সুদৰ বিনিময়ত মাটি লিখি দিবলৈ বাধ্য কৰাইছে। মাটি সুদৰ বিনিময়ত লোৱাৰ পাছত মূলধন বিচাৰি আমিৰ আলীৰ পৰিয়ালক হাৰাশাস্তি কৰি আহিছে আমিৰে।
আনহাতে, ধন পৰিশোধ কৰিবলৈ সক্ষম নোহোৱাত সুদখোৰে চতিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ ইতিমধ্যে আমিৰ আলীৰ পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষী থানাত পৃথকে এজাহাৰ দাখিল কৰিছে।
