পাকিস্তান সেনাৰ এমআই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃ নিহত সকলো আৰোহী


 

পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পিঅ'কেৰ মুজাফ্ফৰাবাদৰ সমীপত বুধবাৰে পাকিস্তান সেনাৰ এখন এমআই-১৭ সামৰিক হেলিকপ্টাৰ উৰণৰ কিছু সময় পিছতে ভূপতিত হয় বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, যান্ত্ৰিক বিজুতিৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইফালে, পাকিস্তান সেনাই প্ৰকাশ কৰা অনুসৰি, হেলিকপ্টাৰখনত থকা সকলো সেনা আৰু কৰ্মচাৰীৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত কোনো লোক জীৱিত অৱস্থাত উদ্ধাৰ হোৱা নাই। আনহাতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অঞ্চলটো সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

যদিও হেলিকপ্টাৰখনত থকা লোকসকলৰ সঠিক সংখ্যা আৰু পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই, বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰায় ২১ জন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে পাকিস্তান সেনাই এখন তদন্ত সমিতি গঠন কৰিছে। প্ৰাথমিকভাৱে যান্ত্ৰিক বিজুতিকে দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ হিচাপে ধৰা হৈছে যদিও সকলো দিশৰ পৰা তদন্ত চলোৱা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।

উল্লেখ্য যে, বিগত কিছু সময় ধৰি পাকিস্তান অধিকৃত কাশ্মীৰত উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে। বিশেষকৈ ৰাৱালাকোট অঞ্চলত শেহতীয়াকৈ প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘটিত সংঘৰ্ষত হতাহত হোৱাৰ ঘটনাই অঞ্চলটোৰ অস্থিৰতা অধিক বৃদ্ধি কৰিছে। তাৰ মাজতে আজি সংঘটিত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

Post a Comment

Previous Post Next Post