ডিমৰীয়াৰ মালৈবাৰী ইলেক্ট্ৰিকেল লিফ্ট ইৰিগেশ্যন আঁচনি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ


 

কৃষি আৰু জলসিঞ্চন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই আজি মন্ত্ৰী পীযুষ হাজৰীকাই ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মালৈবাৰী ইলেক্ট্ৰিকেল লিফ্ট ইৰিগেশ্যন আঁচনি (ELIS) পৰিদৰ্শন কৰি অঞ্চলটোৰ জলসিঞ্চন আন্তঃগাঁথনিৰ বিস্তৃত পৰ্যালোচনা কৰে।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ চাৰিটা পাম্প কেন্দ্ৰ আৰু সংশ্লিষ্ট খাল নেটৱৰ্কসমূহ পৰিদৰ্শন কৰি ইয়াৰ কাৰ্যক্ষমতা তথা কৃষকসকলক আগবঢ়োৱা জলসিঞ্চন সেৱাৰ বাস্তৱ অৱস্থা মূল্যায়ন কৰে। তেওঁ আন্তঃগাঁথনিৰ বৰ্তমান অৱস্থা পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় বিষয়াবৰ্গ আৰু স্থানীয় কৃষকসকলৰ সৈতে মত-বিনিময় কৰে। লগতে জলসিঞ্চন ব্যৱস্থাটোক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ জৰিয়তে সেৱা প্ৰদানৰ দক্ষতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে।

উল্লেখ্য যে, অঞ্চলটোৰ অন্যতম পুৰণি জলসিঞ্চন আঁচনি হিচাপে পৰিচিত মালৈবাৰী ELIS-এ বিগত পাঁচ দশকৰো অধিক সময় ধৰি কৃষক সমাজক সেৱা আগবঢ়াই আহিছে। আঁচনিখনে প্ৰায় ১,৮০০ হেক্টৰ কৃষিভূমিত নিশ্চিত জলসিঞ্চন সুবিধা প্ৰদান কৰাৰ লগতে প্ৰায় ৫,০০০ গৰাকী কৃষকক উপকৃত কৰি আহিছে, যাৰ ফলত অঞ্চলটোৰ কৃষি উৎপাদন আৰু গ্ৰাম্য অৰ্থনীতি যথেষ্ট লাভান্বিত হৈছে।

পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, আগন্তুক দিনত কৃষি আৰু জলসিঞ্চন বিভাগ দুয়োটাকে আৰু অধিক জনমুখী আৰু জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি অধিক সঁহাৰিমূলক কৰি তোলাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব। চৰকাৰী সেৱাসমূহ যাতে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে যাব পাৰে আৰু কৃষক সমাজে ইয়াৰ পূৰ্ণ সুফল লাভ কৰে, সেই দিশত গুৰুত্ব আৰোপ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।

Post a Comment

Previous Post Next Post