T20 World Cup: টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ! স্থান লাভ স্কটলেণ্ডৰ



টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ। সিদ্ধান্ত ল’বলৈ বাংলাদেশক ২৪ ঘন্টাৰ সময় দিছিল ICCয়ে। ইয়াৰ পাছতে বৃহস্পতিবাৰ (২২ জানুৱাৰী)য়ে ঢাকাত বাংলাদেশত ক্ৰিকেট বোৰ্ড (BCB) আৰু বাংলাদেশ চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়, য’ত বিচিবিয়ে সিদ্ধান্ত লয় যে, টি-২০ বিশ্বকাপ (T20 World Cup) ৰ বাবে ভাৰতলৈ আহিব নোৱাৰে বাংলাদেশ ক্ৰিকেট টিম (Bangladesh Cricket Team)। ইয়াৰ পাছতে এতিয়া আই চি চিয়ে বাংলাদেশৰ সলনি স্কটলেণ্ডক টি-২০ বিশ্বকাপত স্থান প্ৰদান কৰিছে।

আই চি চি ব্যৰ্থ বুলি অভিহিত

চৰকাৰৰ সৈতে বৈঠকৰ অন্তত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষই কয় যে, বাংলাদেশ ক্ৰিকেট দলে ভাৰতত এখন মেচো খেলিব নোৱাৰে। এই সময়চোৱাত তেওঁ আই চি চি (ICC)ক ব্যৰ্থ বুলি অভিহিত কৰে। তেওঁ কয়, আই চি চিয়ে আমাৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰ নকৰিলে। বিশ্ব ক্ৰিকেটৰ বিষয়ে আমি জানো, ইয়াৰ জনপ্ৰিয়তা দিনক দিনে কমি আহিছে। আইচিচিয়ে ২০ কোটি লোকক হতাশ কৰিছে। ক্ৰিকেট এতিয়া অলিম্পিকলৈ পাইছেগৈ, কিন্তু যদি আমাৰ দৰে দেশে তালৈ নাযায় তেন্তে এয়া গহ আই চি চিৰ ব্যৰ্থতা।

বিচিবিৰ অধ্যক্ষগৰাকীয়ে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব বুলি কয়। ইয়াৰোপৰি আই চি চিক বৈঠকত লোৱা সিদ্ধান্তৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। বিচিবিৰ মতে, আইচিচিয়ে ভুল সিদ্ধান্ত লৈছে আৰু কেৱল বিচিচিআইৰ কথাকে মানি লোৱা হৈছে।

কিয় নাহে ভাৰত?

বাংলাদেশ ক্ৰিকেট বোৰ্ডে পুনৰ এবাৰ ভাৰতক অসুৰক্ষিত ঘোষণা কৰে। এজন বাংলাদেশী বিষয়াই কয় যে, ভাৰতৰ পৰা সমগ্ৰ বাংলাদেশৰ দলটোলৈ বিপদ আছে। তেওঁ আৰু কয়, আমি বিশ্বকাপ খেলিব বিচাৰো, কিন্তু আমাৰ খেলুৱৈসকলৰ নিৰাপত্তা গুৰুত্বপূৰ্ণ। আইচিচিয়ে নিৰাপত্তাৰ বিষয়ত যি বিচাৰে ক’ব পাৰে। কিন্তু আমাৰ এজন খেলুৱৈক টুৰ্ণামেন্টৰ পৰা বাহিৰ কৰা হৈছিল। ভাৰতে বিশ্বকাপ আয়োজন কৰিছে। যদি তেওঁলোকে মুস্তাফিজুৰক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিলে, তেন্তে তেওঁলোকে আমাৰ দলটোক কেনেকৈ নিৰাপত্তা প্ৰদান কৰিব? গতিকে খেলুৱৈক বিপদত পেলাব নোৱাৰো বুলি কয় বাংলাদেশে। 

Post a Comment

Previous Post Next Post