Nepal Protest: অগ্নিগৰ্ভা নেপাল! হিংসাত্মক প্ৰতিবাদত এইপৰ্যন্ত ১৯গৰাকী বিক্ষোভকাৰীৰ মৃত্যু


 

অগ্নিগৰ্ভা নেপাল। কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি, দমকত প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ ঘৰত শিলগুটি নিক্ষেপ কৰে। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই পূব-পশ্চিম ঘাইপথ অৱৰোধ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি আৰক্ষীয়ে সতৰ্কবাণী হিচাপে শূন্যত গুলীচালনা কৰিবলগীয়া হয়। সেই স্থানতে সেনাবাহিনী মোতায়েন কৰা হৈছে। নিৰাপত্তা বাহিনীক প্ৰতিবাদকাৰী দেখা পোৱাৰ লগে লগে গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, নেপালৰ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিছে। হিংসাত নিহত হোৱা লোকসকলৰ দায়িত্ব লৈ পদত্যাগ কৰিব বিচাৰিছে বুলিও তেওঁ কয়। আনহাতে, ৰাজপথত নিয়োজিত আৰক্ষী আৰু সেনাৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নেপালত চলি থকা প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰশাসনেও বল প্ৰয়োগ কৰি জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, য’ত মুঠ ১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক আহত হৈছে।

ৰাজধানী কাঠমাণ্ডুৰ নিউ বানেশ্বৰস্থিত সংসদ ভৱন কমপ্লেক্সত ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ৰাইজ হিংসাত্মক হৈ আৰক্ষীৰ বেৰিকেড ভাঙি উত্তেজনা বিয়পি পৰে। গেট পাৰ হৈ সংসদত প্ৰৱেশৰ চেষ্টা চলাইছিল প্ৰতিবাদকাৰীসকলে। দেশত ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত অতিশয় ক্ষুব্ধ হৈ পৰা এই প্ৰতিবাদকাৰীসকল নতুন প্ৰজন্মৰ যুৱক-যুৱতী। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী কে পি অলিয়ে জৰুৰী বৈঠক আহ্বান কৰিছে।ৰমেশ লেখকে নেপালৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। শেহতীয়াকৈ দেশত চলি থকা প্ৰতিবাদত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰাণ-সম্পত্তি হেৰুৱাৰ নৈতিক দায়িত্ব অনুভৱ কৰে, সেয়েহে তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই ৰাজনৈতিক অস্থিৰতা আৰু অধিক বৃদ্ধি কৰিছে, আৰু দেশত চলি থকা অশান্তিৰ মাজতে পৰিস্থিতি আৰু অধিক সংবেদনশীল হৈ পৰিছে।

Post a Comment

Previous Post Next Post