দেশৰ লগতে ভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীক


 

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন। প্রধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ দেশজুৰি ব্যাপক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। দেশৰ পৰিধি ভেদি বিশ্বসভাত নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ৰচনা কৰিছে জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ নতুন অধ্যায়।

১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদী পিতৃ দামোদৰ দাস মোদী আৰু মাতৃ হীৰাবা মোদীৰ ছয়টা সন্তানৰ ভিতৰত তৃতীয় সন্তান। জীৱনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সদস্য হৈছিল। ১৯৭০ ৰ দশকৰ পৰা ৰাজনীতিত জড়িত থকা স্বত্বেও, ১৯৯০ৰ দশকৰ শেষলৈকে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰে বিশেষ গতি লাভ কৰা নাছিল। ২০০১ চনৰ ৭ অক্টোবৰত নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ২০১৪ত বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়ী হৈছিল আৰু তিনি দশকত প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছিল। এই চনতে তেওঁ প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰনেতাই জন্মদিনৰ আগতীয়াকৈয়ে শুভবাৰ্তা প্ৰেৰণ কৰিছিল ভাৰতৰ প্রধানমন্ত্ৰীগৰাকীলৈ। মঙলবাৰে নিশা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভেচ্ছা জনাইছে প্ৰধামন্ত্ৰীগৰাকীক।

Post a Comment

Previous Post Next Post