দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক ( www.aaranyak.org)ৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা বিয়পোৱাৰ উদ্দেশ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ “Ride For Consevation” শীৰ্ষক এক চাইকেল ৰেলীৰ আয়োজন কৰা হয় । প্ৰায় ৪৬০ কিলোমিটাৰ পথ অতিক্ৰম কৰা এই ৰেলীত বন বিভাগৰ বিষয়া, ছাত্ৰ সমাজ, শিক্ষক আৰু সাধাৰণ ৰাইজকে ধৰি সংৰক্ষণ প্ৰক্ৰিয়াৰে জড়িত অংশীদাৰ সকলে অংশগ্ৰহণ কৰে আৰু এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ।
আৰণ্যকৰ উদ্যোগত অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ কৰা প্ৰথমটো “Ride For Consevation” ৰেলীৰ পাছত এইটো আছিল দ্বিতীয় পৰ্যায়ৰ ৰেলী । যোৱা ২৩ মাৰ্চৰ পুৱা দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱাই বন বিষয়া আৰু ক্ষেত্ৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত দ্বিতীয় পৰ্যায়ৰ “Ride For Consevation” ৰেলীটো মুকলি কৰে ।আৰিফ হুছেইন, স্বপন নাথ, দিগন্ত দাস, আকাশ মৰং, ৰিতম বৰা, বিশাল শইকীয়া, শ্যাম ওৰাং, ভাৰত শইকীয়া, দিব্যজ্যোতি নাথ আৰু সৌৰভ শৰ্মা মূল দলৰ সদস্য হিচাপে থকা দ্বিতীয় পৰ্যায়ৰ ৰেলীটোৱে ২৩ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অতিক্ৰম কৰা দূৰত্বপথত বিভিন্ন স্থানত অংশীদাৰ সকলৰ সৈতে মত-বিনিময় কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা বিয়পায় ।
২৩ আৰু ২৪ মাৰ্চত ওদালগুৰি আৰু তামুলপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত চাইকেল আৰোহীসকলে প্ৰথমে নুনৈ ৰেঞ্জৰ অন্তৰ্গত পানেৰী বন বিট কাৰ্যালয়ত জিৰণি লৈ আৰণ্যকৰ প্ৰাক্তন কৰ্মচাৰী, বনৰক্ষী অজিত বসুমতাৰীকে ধৰি বনকৰ্মী আৰু পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলৰ সৈতে চমু আলোচনাত মিলিত হয়।
তেওঁলোকে ডিমাকুছি আঞ্চলিক এবছুৰ কাৰ্যালয়ত ৰৈ এবছুৰ সাধাৰণ সম্পাদক ডনস্বৰং দৈমাৰী আৰু সভাপতি লৱ বড়োৰ নেতৃত্বত অহা এবছুৰ এটা দলৰ সৈতে আলোচনাত মিলিত হয়। পানেৰীৰ পৰা ৰেলীত অংশগ্ৰহণ কৰি ১১ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰা সাতজন স্থানীয় যুৱকক মানপত্ৰও প্ৰদান বিতৰণ কৰা হয়।
চাইকেল আৰোহী দলটোৱে ২৪ মাৰ্চত জাৰতালুক বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিদ্যালয় খনৰ শিক্ষক অজিত চন্দ্ৰ পাঠক, সুন্দৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনন্ত মোহন দাস, গ্ৰীণ গ্ল’ব এন জি অ’ৰ পংকজ লোচন ডেকা, হিম’ফিলিয়া ছ’চাইটিৰ ধনমণি ৰাজবংশী, হাতী সুৰক্ষা সমিতিৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰী সকলকে ধৰি বিভিন্নজনৰ সৈতে এখন চমু সজাগতা সভাত অংশগ্ৰহণ কৰে।
২৪ মাৰ্চত বাকসা জিলাৰ মাজেৰে পাৰ হৈ যোৱা চাইকেল আৰোহীৰ দলটোৱে বৰাগাঁওস্থিত সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ২৭ নং বেটেলিয়নৰ সীমান্ত সুৰক্ষা চকীত ৰৈ এছ এছ বিৰ বিষয়া/কৰ্মীৰ সৈতে মত বিনিময় কৰি এই ৰেলীৰ উদ্দেশ্য আৰু আৰাণ্যকৰ অভিযানৰ বিষয়ে ব্যাখা কৰে । ২৫ মাৰ্চত ৰেলীটোৰ উদ্দেশ্য সম্পৰ্কে হোৱা চমু আলোচনাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ অফিচৰ পৰা চাইকেল আৰোহীৰ দলটোৱে পুনৰ যাত্ৰা আৰম্ভ কৰে । তাৰ পাছত ভূঞাপাৰা ৰেঞ্জৰ বন ৰেঞ্জ বিষয়া বিবেকানন্দ পাঠকে “Ride For Consevation”ৰ ফ্লেগ অফ কৰে ।