যোৱা ৪, ৫ আৰু ৬ এপ্রিলত গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় অসমৰ সৰ্ববৃহৎ সংগঠিত অনুষ্ঠান ‘ৰঙালী"ৰ নৱম সংস্কৰণ। ২০১৫ চনত আৰম্ভ কৰা ৰঙালী সৃষ্টিশীলতা, সাংস্কৃতিক সমন্বয় আৰু থলুৱা উদ্যমিতাৰ মহা সমাৰোহলৈ এতিয়া পৰিণত হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালীৰ নৱম সংস্কৰণ। অসমৰ নানা জাতি-জনগোষ্ঠীৰ বৈচিত্র্যময় সংস্কৃতিৰ প্ৰসাৰ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব দিয়া ৰঙালীয়ে অসমীয়া মানুহৰ কলাসুলভ চিন্তাক প্রতিনিধিত্ব কৰি আহিছে। এই অনুষ্ঠানতেই ৬ এপ্ৰিলত অৰ্থাৎ অন্তিম দিনা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় নলবাৰীৰ বৰজাৰৰ আদৰ্শ মাছৰুম উৎপাদক হেমন্ত নাথক। বহিঃৰাষ্ট্ৰত অসমীয়াগিৰি দেখুওৱাবলৈ সক্ষম হোৱা হেমন্ত নাথে ২০১২চনৰ পৰা মাশ্বৰূম উৎপাদন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও উৎপাদিত মাছৰূম ৰপ্তানি কৰি আহিছে।
উৎপাদিত মাশ্বৰূম কাঠফু" মাশ্বৰূম বেণ্ডৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱককো সংস্থাপন দিৱলৈ সক্ষম হৈছে। ইতিমধ্যে যুৱকজনে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীয়েও পৰিদৰ্শন কৰে হেমন্ত নাথৰ মাশ্বৰূম ফাৰ্ম। খানাপাৰাত অনুষ্ঠিত হোৱা ‘ৰঙালী’ৰ নৱম সংস্কৰণত অসমীয়াৰ স্বাভিমান গামোছা, মানপত্ৰৰে কৃষিক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা গ্ৰহণ কৰি যথেষ্ট উৎসাহী আদৰ্শ মাশ্বৰূম উৎপাদক হেমন্ত নাথ।নলবাৰী জিলাৰ বৰজাৰ গাৱৰ তম্ভুৰাম নাথ আৰু মিনাক্ষী নাথৰ পুত্ৰ হেমন্ত নাথ।