Republic Day 2025: গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ পালে অসমৰ কেন্সাৰ বিশেষজ্ঞ ডাঃ ৰবি কান্নানে


 

নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হ’ল পদ্মশ্ৰী তথা মেগছেছে বঁটা প্ৰাপক অংক’লজিষ্ট ডাঃ ৰবি কান্নানক। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘Republic Day at Home-2025’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ডাঃ কান্নানক। ৭৬সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা হ’ব এই বিশেষ কাৰ্যসূচী।

গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতিবছৰে দেশৰ বিশিষ্ট ব্যক্তিসকলক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনোৱা হয়। তাত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত অংশ ল’বলৈ শিলচৰৰ মেহেৰপুৰৰ কাছাৰ কেন্সাৰ হাস্পতালত ৰাষ্ট্ৰপতি ভৱনৰ পৰা ডাকযোগে প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰ ডাঃ ৰবি কান্নানক প্ৰদান কৰে বিভাগীয় কৰ্মীয়ে। এই প্ৰসংগত ডাঃ ৰবি কান্নানে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এই অতি গুৰুত্বপূৰ্ণ দিনটোত আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময়ৰ এক উত্তম সুযোগ এয়া।

ডাক বিভাগৰ পৰা উপস্থিত থকা আই পি অ’ কৌশিক শইকীয়াই কয়, ৰাষ্ট্ৰপতি ভৱনৰ পৰা অহা‌ আমন্ত্ৰণপত্ৰ ডাঃ ৰবি কান্নানৰ দৰে বিশিষ্ট ব্যক্তিৰ হাতত তুলি দিয়াটো‌ গৌৰৱৰ বিষয়। ডাঃ ৰবি কান্নান নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণা। নিমন্ত্ৰণী পত্ৰৰ টোপোলাটো দক্ষিণ ভাৰতীয় হস্তশিল্পৰে সজাই তোলা হৈছে। ইয়াৰ ভিতৰত আছে, তেলেংগানা পোচাম্পল্লী ইক্কট বোৱাত তৈয়াৰী ৰোল আপ পেঞ্চিল পাউচ। লগতে আছে অন্ধ্ৰ প্ৰদেশৰ এটিকোপ্পাকাৰ দুটা পুতলা, ফ্ৰীজৰ চুম্বকত উপস্থাপন কৰা কৰ্ণাটকৰ পৰম্পৰাগত গঞ্জিফা শিল্পৰ এখন কাৰ্ড, কেৰালাৰ স্ক্ৰু-পাইনৰ পাতৰ পৰা বোৱা বুকমাৰ্ক, তামিলনাডুৰ কাঞ্চিপুৰমৰ হেণ্ডলুম ৰেচমৰ থোপা আৰু কালামকাৰী মটিফ থকা বাঁহৰ বাকচ।

Post a Comment

Previous Post Next Post