ৰঙিয়াৰ ৰাইজক সেৱা আগবঢ়াব বিচাৰিছে ভৱেশ কলিতাইঃ ড° হিমন্ত বিশ্ব শৰ্মা


 

আজি বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত মনোনয়ন দাখিল কৰিলে সাংসদ দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে দিলীপ শইকীয়াই। এতিয়া ৰাজ্যিক BJPৰ সভাপতি হোৱাৰ দিশে দিলীপ শইকীয়া। কিয়নো দলীয় সন্মতিক্ৰমে এইবাৰ মাত্ৰ এখনহে মনোনয়ন দাখিল হৈছে। সেয়েহে দিলীপ শইকীয়াই হ’ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। কিন্তু কাইলৈ অৰ্থাৎ শুকুৰবাৰেহে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব পৰৱৰ্তী সভাপতিৰ নাম। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে বৰ্তমানৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক গজেন্দ্ৰ সিং শ্বেখাৱট।

অনুষ্ঠানত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কাইলৈ ১১:৩০ বজাত ঘোষণা কৰা হ’ব নতুন ৰাজ্যিক সভাপতিৰ নাম আৰু কাইলৈয়ে দায়িত্ব গ্ৰহণ কৰিব নতুন ৰাজ্যিক সভাপতিয়ে।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, “কালি ভৱেশ কলিতা ডাঙৰীয়াক সুধিছিলোঁ, আপুনি বিধানসভা নিৰ্বাচন খেলিব নে দলৰ সভাপতিৰ দায়িত্ব ল’ব? তেতিয়া কলিতা ডাঙৰীয়াই পোনে পোনে ক’লে সভাপতিৰ দায়িত্ব আৰু ল’ব বিচৰা নাই। ৰঙিয়াৰ ৰাইজৰ বাবে কাম কৰাৰ হেঁপাহ আছে বাবে ২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ আশা প্ৰকাশ কৰিছে ভৱেশ কলিতাই।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “বিনা প্ৰতিদ্বন্দ্বিতাৰে দিলীপ শইকীয়া জয়ী হোৱাটো নিশ্চিত। ভৱেশ কলিতাৰ বিগত চাৰিটা বৰ্ষৰ সেৱাক মই শুভেচ্ছা জনাইছো। মণ্ডল, জিলা আৰু ৰাজ্যিক সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰা সিদ্ধান্ত অসম বিজেপিয়ে লৈছিল। সেই প্ৰক্ৰিয়াৰে হৈছে সভাপতি নিৰ্বাচন। ভবেশ কলিতাই নিজেই আমাক ক’লে নিৰ্বাচন খেলাৰ কথা। এই সময়ত ভৱেশ কলিতাই ৰঙিয়াৰ ৰাইজক সেৱা আগবঢ়াব খুজিছে। ইতিমধ্যে ৰঙিয়া সমষ্টিত ২৬ৰ বাবে বহুখিনি কাম কৰিছে ভৱেশ কলিতাই। দলৰ সভাপতিজনক আমি নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিছো। ভৱেশ কলিতাই এতিয়াও সন্মুখৰ পৰাই নেতৃত্ব দিব। আমি পৰ্যায়ক্ৰমেহে যিকোনো পদক্ষেপ লওঁ। মণ্ডল, জিলা আৰু ৰাজ্যিক সভাপতিয়েহে নিৰ্বাচন খেলিব নোৱাৰিব। এই সিদ্ধান্ত অসম বিজেপিৰ, এয়া ৰাষ্ট্ৰীয় সিদ্ধান্ত নহয়। ২৬লৈহে থাকিব এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ সিদ্ধান্ত। আজিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। মই আৰু ভৱেশ কলিতা দুয়ো দিলীপ শইকীয়াৰ নমিনেচনত সমৰ্থন কৰিছোঁ।”

Post a Comment

Previous Post Next Post