পুনৰ কুম্ভমেলাত বিপদ। মৌনী অমাৱস্যাৰ দিনা কুম্ভস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যু হয় ৩০ জনৰ। আহত হয় ৯০জন। এই ঘটনাৰ এদিন পিছতে পুনৰ বিপত্তি। পদপিষ্ট হোৱাৰ পিছদিনাই জুই লাগিল মেলাৰ ছেক্টৰ ২২ত। জ্বলি ছাই হ’ল কেইবাটাও তম্বু ঘৰ। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লগতে প্ৰশাসনৰ বিষয়াসকল।
জানিব পৰা মতে, তম্বু ঘৰৰ ভিতৰত কোনো লোক নাছিল বাবে কোনো লোক হতাহত হোৱা নাই। কিন্তু কিদৰে জুই লাগিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত জুই লাগিছিল মহাকুম্ভ মেলাৰ ছেক্টৰ ১৯ত। পুৰি ছাই হৈছিল প্ৰায় ১৮০টা তম্বু। স্থানীয় সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া কুম্ভমেলাৰ ছেক্টৰ ২২ৰ এটা তম্বুত জুই লাগে। তাৰ পৰাই দ্ৰুতগতিত জুই বিয়পি পৰে। মেলাৰ চমনগঞ্জৰ ওচৰত জ্বলি ছাই হয় প্ৰায় ১৫টা তম্বু।
আলহাতে, বুধবাৰে উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভত পদপিষ্ট আৰু মৃত্যুৰ ঘটনা স্বীকাৰ কৰিছে। মহাকুম্ভৰ ডিজি বৈভৱ কুমাৰে চৰকাৰীভাৱে জনাইছে, বুধবাৰে নিশা কুম্ভস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যু হৈছে ৩০জনৰ। আহত হৈছে ৯০জন লোক। মৃত ৩০ জনৰ ভিতৰত ২৫ জনক চিনাক্ত কৰা সম্ভৱ হৈছে। বাকীসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি জনাইছে ডিজি বৈভৱ কুমাৰে।
জানিব পৰা মতে, মৌনী অমাৱস্যাত ‘অমৃত স্নান’ কৰাৰ বাবে হেতা-ওপৰা লাগে তিনি নদীৰ সংগমস্থলীত। তাৰ ফলতে সংঘটিত হয় এই অঘটন। ঘটনাত বহু পূণ্যাৰ্থী আহত হয়, বহুজন আকৌ ভিৰৰ মাজত অসুস্থ হৈ পৰে। অৱশেষত ৩০ জনৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে চৰকাৰীভাৱে।