মহানগৰীত উদ্দেগজনক হাৰত বৃদ্ধি হৈছে বায়ু প্ৰদূষণ৷ অত্যাধিক বায়ু প্ৰদূষণে বিপদ মাতিছে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ৷ বায়ু প্ৰদূষণৰ এনে তথ্যক লৈ স্বাভাৱিকতে দু-চিন্তাত ৰোগীৰ অভিভাৱক তথা পৰিয়াল৷ কিয়নো ধোঁৱা, ধূলিৰে আৱৰিছে গুৱাহাটী মহানগৰ৷ গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া এক ডাঠ আৱৰণ৷ যেন সন্মুখৰ ৫০, ১০০ মিটাৰ দূৰত্ব এতিয়া মনিব নোৱাৰা পৰিৱেশ৷ মহানগৰীৰ এনে প্ৰদূষণৰ মাত্ৰাক লৈ স্বাভাৱিকতে চিন্তিত সচেতন নাগৰিক৷
অসম প্ৰদূষণ নিযন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণ মাত্ৰা ২৫৮ AQI আৰু অসম প্ৰদূষণ নিযন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি ২০০ AQI অধিক হ’লে স্বাস্থ্য সন্মত হৈ নাথাকে পৰিৱেশ ৷ তেনে সময়ত স্বাস্থ্য সন্মত মান অতিক্ৰম কৰি ৫৮ AQI প্ৰদূষণৰ মাত্ৰা স্পৰ্শ গুৱাহাটীৰ ৷ যিটো পৰিৱেশে এতিয়া শিশু আৰু বযোজ্যেষ্ঠ লোকৰ স্বাস্থ্যত আহি পৰিছে বাধা৷
গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত যদিওৱা ২৫৮ AQI তাৰবিপৰীতে কিন্তু মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৰ্ণিহাটক লৈ আহিছে ভয়ংকৰ তথ্য। দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰদূষিত স্থান ৰূপে চিহ্নিত বৰ্ণিহাট ৷ সেয়ে এতিয়া গুৱাহাটী মহানগৰীৰ এনে প্ৰদূষণৰ মাত্ৰাই স্বাভাৱিকতে চিন্তিত কৰিছে প্ৰতিজন সচেতন নাগৰিকক৷
পিছে, পৰিৱেশৰ প্ৰতি ভাবুকি অহা এনে পৰিস্থিতি এতিয়া কিদৰে নিযন্ত্ৰণ কৰে সেয়া হ’ব লক্ষণীয় ৷ উল্লেখ্য মহানগৰীৰ বায়ু প্ৰদূষণ তথা ধূলিময় গুৱাহাটী ৰোধৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অধীনত ক্ৰয় কৰা হৈছিল ৫খন বিশেষ পানী চটিওৱা বাহন৷ এই বাহন সমূহৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ বাট পথ সমূহত চটিওৱা হৈছিল পানী ৷