Parliament Winter Session: আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, কি কি বিধেয়ক উত্থাপন হ’ব এইবাৰ সদনত?



আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন। কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হ’ব সংসদৰ অধিৱেশনত। শীতকালীন অধিৱেশনত শেহতীয়াকৈ মণিপুৰৰ ঘটনাই পৰিৱেশ উত্তাল কৰাৰ সম্ভাৱনা আছে। ৰে’ল আইন সংশোধন বিধেয়কৰ লগতে এখন বেংকিং আইন সংশোধনী বিধেয়কো লোকসভাত উত্থাপন কৰা হ’ব । এইবাৰৰ অধিৱেশনত এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে পুৱা ইণ্ডি এলায়েঞ্চৰ নেতাসকল এখন বৈঠকত মিলিত হৈ চৰকাৰৰ বিৰুদ্ধে কি ৰণনীতি ল’ব সেয়া নিৰ্ধাৰণ কৰিব। ইফালে বেংকিং আইন সংশোধনী বিধেয়কখনে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকিং নিয়ন্ত্ৰণ আইন, ভাৰতীয় ষ্টেট বেংক আইন, বেংকিং কোম্পানী আইনৰ সংশোধনী বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে।

একেদৰে বিমানৰ ডিজাইন, নিৰ্মাণ, বিমানৰ মেৰামতি, ব্যৱহাৰ, পৰিচালনা, বিক্ৰী আৰু ৰপ্তানি আৰু আমদানিৰ নিয়ন্ত্ৰণৰ বাবে বায়ুযান ২০২৪ শীৰ্ষক এখন নতুন বিধেয়ক উত্থাপন কৰিব সদনত। শীতকালীন অধিবেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কীৰেণ ৰিজিজুৱে বিৰোধী দলৰ সকলো নেতাক সদনৰ কাম কাজ সূচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান জনায়।

আজিৰে পৰা ২০ ডিচেম্বৰলৈকে সংসদৰ শীতকালীন অধিবেশন চলাৰ সম্ভাৱনা। এই সময়ছোৱাত ৱাকফ সংশোধনী বিধেয়ক আৰু দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক আলোচনাৰ বাবে উত্থাপন কৰাৰ সম্ভাৱনা আছে। শীতকালীন অধিবেশনৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনত বিৰোধী দলৰ নেতাসকলৰ সহযোগিতা বিচাৰে চৰকাৰে।
সদনৰ শীতকালীন অধিবেশন উপলক্ষে বিৰোধী ইণ্ডিয়া এলায়েঞ্চ সাজু হৈছে।

Post a Comment

Previous Post Next Post