ন্যায় পাবনে পংখী সন্দিকৈৰ পৰিয়ালে? হত্যাৰ অভিযুক্ত পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসে জামিন পোৱাত এই প্ৰশ্নই খুদুৱাই আছে দুৰ্ভগীয়া পিতৃ-মাতৃৰ মনত। আৰক্ষীৰ তদন্তৰ গতি গোত্ৰ দেখি ধোৱাকোঁৱা দেখিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। এখন সুখৰ সংসাৰৰ আশাৰে ২০২৩ ৰ ৩ অক্টোবৰত নীতিকেশ দাসৰে কন্যা পংখী সন্দিকৈক বিয়া দিছিল পৰিয়ালটোৱে।কিন্তু ৭ মাহ পাছতে থানবান হৈ গৈছিল দৰিদ্ৰ পৰিয়ালটোৰ সপোন। ২০২৪ ৰ ৩ মে’ত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল নাচি বাগি, অভিনয় কৰি ভালপোৱা পংখী সন্দিকৈ। পত্নীক হত্যা কৰাৰ অভিযোগত ৪ মে’ত নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীতিকেশ দাসক।
কিন্তু সকলোকে আচৰিত কৰি ২৬ জুনত জামিন পালে পত্নীক হত্যা কৰাৰ অভিযোগত জে’লৰ ভাত খোৱা নীতিকেশ দাসে। পত্নীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নীতিকেশ দাসে জামিন পোৱাত ন্যায় পোৱাৰ আশা হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।
৩ মে’ৰ দিনা কি দেখিছিল পংখীৰ পৰিয়ালে?
৩ মে’ৰ পুৱা মৰমৰ কন্যা পংখী সন্দিকৈৰ মৃত্যুৰ অনাকাংখিত খবৰ পোৱা মাত্ৰকে শিৱসাগৰ নিতাই পুখুৰীৰ ঘৰৰ পৰা বাহিৰে বাহিৰে নামৰূপ থানাত উপস্থিত হৈছিল পংখীৰ পিতৃ। থানাত থৈ দিয়া পংখীৰ সৰ্বশৰীৰত আঘাতৰ চিন দেখিছিল পিতৃয়ে। কণমানি কন্যাৰ ঘাঁ লগা মুখমণ্ডলত লাগি আছিল তেজৰ চেঁকুৰা, ভাগি আছিল দাঁত। এনে অৱস্থাত কন্যাৰ মৃতদেহ দেখা মাত্ৰকে হত্যাৰ অভিযোগত নামৰূপ থানাত এজাহাৰ দাখিল কৰিছিল পিতৃয়ে।
পৰকীয়া প্ৰেম ধৰা পৰা বাবেই স্বামী নীতিকেশ দাসে পংখী সন্দিকৈক হত্যা কৰাৰ পোনপতীয়া অভিযোগ আনিছিল পৰিয়ালটোৱে। পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পাছদিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জে’ললৈ প্ৰেৰণ কৰিছিল স্বামী নীতিকেশ দাসক। এই ঘটনা শুনা মাত্ৰকে জাঙুৰ খাই উঠিছিল দল-সংগঠন। ঘাতকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিও সাব্যস্ত কৰিছিল প্ৰতিবাদ। ৰাইজৰ ৰুদ্ৰ মুৰ্তি দেখাৰ পাছতো গা লৰা নাছিল আৰক্ষীৰ।
.jpg)