আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

 


আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। ১৪ দিনীয়া অধিৱেশনত দাখিল কৰিব প্ৰায় ১২খন বিধেয়ক। আজি উত্থাপন হ’ব দুখনকৈ নতুন বিধেয়ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব ‘দ্য আসাম পাব্লিক এগজামিনেশ্যন (মিজাৰচ ফৰ প্ৰিভেনশ্বন অফ আনফেয়াৰ মিনচ ইন ৰিক্ৰুইটমেণ্ট) বিল ২০২৪’।


এইবাৰৰ বাজেট অধিৱেশনতে উত্থাপন হ’ব পৰ্যটন বিভাগৰ এখন নতুন বিধেয়ক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰিব ‘আসাম টুৰিজিম (ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেচন) বিল ২০২৪’। ইয়াৰে দুই-তিনিখন নতুন বিধেয়ক আৰু বাকীখিনি সংশোধনী বিধেয়ক। ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ বাজেট।

Post a Comment

Previous Post Next Post