আলফা (স্বাধীন)ৰ চলমান কেম্পত বন্দী ‘গুপ্তচৰ’ মানস বৰগোহাঁয়ে নাম লোৱাসকলৰ ভিতৰত অন্যতম মানস চলিহাক লৈ এতিয়া সৰৱ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটো। সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱা সন্দৰ্ভত বুধবাৰে মানস চলিহাই ছ’চিয়েল মেডিয়াৰ জৰিয়তে কৰা কেতবোৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীন)এ ৷
সংবাদ মাধ্যমলৈ বৃহস্পতিবাৰে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে কৈছে— “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সংগঠনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইৰ প্ৰসংগত নাম সাঙুৰ খোৱা মানস চলিহাই কালি তেওঁৰ ফেচবুক লাইভ যোগে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ সন্মানীয় সভাপতি মহাশয়ৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আৰু অপমানজনক মন্তব্য প্ৰকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু ইয়াৰ ওপৰত নিশ্চয় বিচাৰ-বিবেচনা কৰা হ’ব ৷”বিবৃতিটোত লগতে কৈছে— “এই বিবৃতিৰ দ্বাৰা আমি স্পষ্ট কৰিব বিচাৰোঁ যে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ সন্মানীয় সভাপতি মহাশয় অথবা আমাৰ সংগঠনৰ কোনো সদস্যই মানস চলিহালৈ টেলিফোন কৰা নাই আৰু কৰাৰো কোনো প্ৰয়োজন নাই ৷”
বিবৃতিটোত আলফা (স্বাধীন)ই উল্লেখ কৰিছে— “মানস চলিহা যদি অসম প্ৰশাসনৰ সৈতে জড়িত নহয় তেন্তে মানস চলিহাই ব্যক্তিগত বাহনত ‘অসম চৰকাৰ’ৰ নামত নম্বৰপ্লেট কিদৰে ব্যৱহাৰ কৰিব পাৰিলে? সেই সন্দৰ্ভত অসম আৰক্ষীয়ে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? আনহাতে, মানস চলিহা যদি অসম আৰক্ষীৰ কোনো নহয় তেন্তে নিজৰ লগত দুটাকৈ মাৰণাস্ত্ৰ মজুত ৰখাৰ অপৰাধত চলিহাক গ্ৰেপ্তাৰ কৰি প্ৰকৃত সত্য উদঘাটন নকৰি মানস চলিহাক ৰক্ষণাবেক্ষণহে দিয়া হৈছে কিয়? এনেবোৰ বিষয়ে প্ৰমাণ কৰে যে আলফা (স্বাধীন) সংগঠনৰ শিবিৰত চোৰাংচোৱাগিৰি কৰিবলৈ মানস বৰগোহাঁইক প্ৰেৰণ কৰাত মানস চলিহাৰ সমান্তৰালকৈ একাংশ অসম আৰক্ষীও ওতপ্ৰোতঃভাৱে জড়িত।"