কোকৰাঝাৰ আৰক্ষীৰ পিছত এইবাৰ দিছপুৰ আৰক্ষীৰ বেহুত মহাপ্ৰৱঞ্চক ‘ঘোঁৰা‘ মানস চলিহা


 

গুৱাহাটীৰ দিছপুৰ থানালৈ অনা হ’ল মহাপ্ৰৱঞ্চক মানস চলিহাক। নিশাই কোকৰাঝাৰ থানাৰ পৰা অনা হ’ল ধৃত মানস চলিহাক। শনিবাৰে পশ্চিম বংগৰ এখন হোটেলৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মানস চলিহাক। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে মানস চলিহা। অসম আৰক্ষীৰ বিষয়াই জেৰা চলাব মহাপ্ৰৱঞ্চকটোক।


উল্লেখ্য যে আলফা (স্বাধীন)লৈ ‘গুপ্তচৰ’গিৰি কৰিবলৈ মানস বৰগোহাঁই নামৰ যুৱকজনক ম্যনমাৰৰ কেম্পত পঠোৱাৰ অভিযোগ উত্থাপন হৈছিল মানস চলিহাৰ বিৰুদ্ধে। অসম আৰক্ষীৰ তদন্তত কেঁচু খান্দোতে ওলাইছিল সাপ। মহাপ্ৰৱঞ্চক মানসৰ বিৰুদ্ধে উঠিলছিল এটাৰ পিছত আনটো কেলেংকাৰীৰ অভিযোগ। মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে লোৱাৰ আছে অভিযোগ। ব্যৱসায়ীজনে দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। আৰু সেই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰছিল মানস চলিহাক।


Post a Comment

Previous Post Next Post