নতুন কৰ ব্যৱস্থাত ৭ লাখ টকালৈ কোনো আয়কৰ নাই; আয়কৰ সীমাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন?


 

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম অন্তৱৰ্তীকালীন বাজেটখন সংসদত দাখিল কৰিছ। বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে কৰ সন্দৰ্ভত কয় যে, নতুন কৰ ব্যৱস্থাত ৭ লাখ টকাৰ আয়ৰ ওপৰত কোনো কৰ নাথাকিব।


আয়কৰ সীমাৰ কোনো পৰিৱৰ্তন নহ’ব

এই বাজেটত কৰদাতাক কিছু ৰেহাই দিব বুলি কৰদাতাসকলে বহু আশা কৰিছিল। কিন্তু এই অন্তৱৰ্তীকালীন বাজেটৰ পৰা কৰদাতাসকলে কোনো সকাহ নাপাব। বিত্তমন্ত্ৰী নিৰ্মলা সীতামৰণে কয় যে, আয়কৰ শ্লেবত কোনো পৰিৱৰ্তন কৰা নহ’ব। আয়কৰ ৰিফাণ্ড খৰতকীয়া কৰা হৈছে। এতিয়াৰে পৰা ১০ দিনৰ ভিতৰত আয়কৰ ৰিফাণ্ড দিব পৰা হৈছে। ইয়াৰোপৰিও, বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ত বিত্তীয় ঘাটি GDPৰ ৫.৮ শতাংশ হ’ব। কিন্তু ২০২৪-২৫ চনত বিত্তীয় ঘাটি জিডিপিৰ ৫.১%লৈ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। আমদানি শুল্ককে ধৰি প্ৰত্যক্ষ আৰু পৰোক্ষ কৰত একে কৰ হাৰ বজাই ৰখাৰ বাবে বাজেটত প্ৰস্তাৱ দিয়াৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে জনায়।

Post a Comment

Previous Post Next Post