মোদী চৰকাৰৰ বাজেটত কোন কোন দিশত অধিক গুৰুত্ব?


 

বাজেট ভাষণ সমাপ্ত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত বিত্ত বিধেয়ক ২০২৪ উত্থাপন কৰে। ইয়াৰ পিছত এই বিত্ত বিধেয়ক ২০২৪ লোকসভাৰ দ্বাৰা গৃহীত হয়। ইয়াৰ লগে লগে সদনৰ কাৰ্যবিধি স্থগিত ৰখা হয় আৰু ২ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাৰ পৰা পুনৰ সদনৰ কাৰ্যবিধি আৰম্ভ কৰা হ’ব। চৰকাৰে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য কৰিছে। বাজেটত বিশেষকৈ মহিলা, যুৱ, দৰিদ্ৰ আৰু কৃষকক গুৰুত্ব দিয়া হৈছে। বাজেটত টেক ছেভী যুৱকৰ বাবে সেণালী দিন অহাৰ ইংগিত দিয়া হৈছে। আজি মোদী চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট ২০২৪ত বিত্তমন্ত্ৰী সীতাৰমণে কি কি বিষয় সামৰি ল’লে আৰু কোনবোৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিছ জানক।


অন্তৱৰ্তীকালীন বাজেট ২০২৪ত কি কি?

১. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (PMAY) অধীনত আগন্তুক ৫ বছৰত আৰু ২ কোটি ঘৰ গ্ৰামাঞ্চলত নিৰ্মাণ কৰোৱা হ’ব।

২. মধ্যবিত্ত শ্ৰেণীৰ বাবে নতুন গৃহ নিৰ্মাণ আঁচনি অনা হ’ব। ভাড়াত থকা লোকসকলক ঘৰ দিয়া হ’ব।

৩. দেশৰ টেক-চেভি যুৱক-যুৱতীসকলৰ বাবে এক সোণালী যুগ আহি আছে। তেওঁলোকক ৫০ বছৰৰ সুতমুক্ত ঋণ প্ৰদান কৰি ১ লাখ কোটি টকাৰ কৰ্পাছ স্থাপন কৰা হ’ব। প্ৰতিৰক্ষাৰ উদ্দেশ্যে ডিপ টেক টেকন’লজী শক্তিশালী কৰাৰ লগতে ক্ষিপ্ৰতাৰে এক নতুন আঁচনি আৰম্ভ কৰা হ’ব৷

৪. উচ্চ শিক্ষাত মহিলাৰ পঞ্জীয়ন ২৮% বৃদ্ধি কৰা হ’ব। ৩ হাজাৰ নতুন ITI স্থাপন কৰাৰ লগতে ৭ IIT, ১৫ AIIMS, ৭ IIM স্থাপন কৰা হ’ব।

৫. এক কোটি ঘৰক সৌৰশক্তিৰ জৰিয়তে প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰা হ’ব। ই-বাহনৰ চাৰ্জিঙৰ বাবে বৃহৎ পৰিসৰৰ ইনষ্টলেচনো কৰা হ’ব, যাতে ইয়াৰ দ্বাৰা বিক্ৰেতাসকলে কামৰ সুবিধা লাভ কৰিব।

৬. যাত্ৰীবাহী ৰে’লৰ চলাচল উন্নত কৰা হ’ব। গতিকে ৪০ হাজাৰ সাধাৰণ ৰে’ল ডবাক ‘বন্দে ভাৰত’ ৰে’ললৈ ৰূপান্তৰিত কৰা হ’ব। প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ অধীনত এই কাম ক্ষিপ্ৰ কৰা হ’ব। দেশত তিনিটা ৰে’ল কৰিডৰো নিৰ্মাণ কৰা হ’ব। মালবাহী প্ৰকল্পটোও বিকশিত কৰা হ’ব।

৭. মাছৰ উৎপাদন দুগুণ হোৱা হেতুকে প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ যোজনা সম্প্ৰসাৰণ কৰাৰ লগতে দুগ্ধ পালকক উৎকৃষ্ট সুযোগ দিয়া হ’ব। ইয়াৰোপৰিও প্ৰাকৃতিক গেছৰ আমদানি বৃদ্ধি কৰা হ’ব।

৮. অংগনবাড়ী কেন্দ্ৰসমূহ উন্নীতকৰণ কৰা হ’ব। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত আশা, অংগনবাড়ী কৰ্মী আৰু সেৱিকাক স্বাস্থ্য আৱৰণ দিয়া হ’ব। এক কোটি মহিলা লাখপতি বাইদেউ হ’ব।

৯. বৰ্তমানৰ স্বাস্থ্য আন্তঃগাঁথনি ব্যৱহাৰ কৰি অধিক চিকিৎসা মহাবিদ্যালয় সৃষ্টি কৰা হ’ব। দেশত টিকাকৰণ শক্তিশালী কৰা হ’ব। চৰকাৰে ৯–১৪ বছৰ বয়সৰ ছোৱালীক ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন দিব। নিউট্ৰিচন ২.০ ৰূপায়ণ ক্ষিপ্ৰ কৰা হ’ব। দেশত ১৫টা এইমছ নির্মাণ কৰা হৈছে। বৰ্তমানৰ জিলা চিকিৎসালয়সমূহক চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ এখন সমিতি গঠন কৰা হ’ব।

১০. বাজেটত কৰদাতাসকলে কোনো সকাহ পোৱা নাই। আয়কৰ শ্লেবত কোনো পৰিৱৰ্তন কৰা নহ’ল অৰ্থাৎ বাজেটত আয়কৰৰ সীমাৰ কোনো সলনি হোৱা নাই। অৱশ্যে, নতুন কৰ ব্যৱস্থাত ৭ লাখ টকাৰ আয়লৈকে কোনো কৰ নাথাকিব। কৰ্প’ৰেট টেক্স ৩০ৰ পৰা ২২ শতাংশলৈ হ্ৰাস পাইছে।

১১. নেনো ইউৰিয়াৰ পৰিসৰ বৃদ্ধি কৰা হ’ব। পাঁচটা একুৱা পাৰ্ক স্থাপন কৰা হ’ব। ১০ বছৰত ১৪৯টা বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব। বৃহৎ চহৰত নমো মেট্ৰ’ আৰু সৰু চহৰত মেট্ৰ’ সম্প্ৰসাৰণ কৰা হ’ব। শীঘ্ৰে উচ্চ ক্ষমতাসম্পন্ন ট্ৰেফিক কৰিডৰো স্থাপন কৰা হ’ব।

১২. ভাৰতৰ দ্বীপসমূহত বন্দৰ বৃদ্ধি কৰা হ’ব আৰু পৰ্যটনৰ উন্নয়নৰ বাবে ঋণ দিয়া হ’ব। বৰ্তমান সময়ৰ ওপৰত লক্ষ্য ৰাখি ৰাজহুৱা পৰিবহণত বৈদ্যুতিক বাহনত গুৰুত্ব আৰোপ কৰা হৈছে।

Post a Comment

Previous Post Next Post