লোকসভা নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টীয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ঘোষণা কৰিছে। ইয়াকে লৈ অখিলেশ যাদৱে টুইট কৰি কয় যে কংগ্ৰেছৰ সৈতে ১১খন শক্তিশালী আসনত আমাৰ সৌহাৰ্দপূৰ্ণ মিত্ৰতাৰ সুন্দৰ আৰম্ভণি হৈছে। এই প্ৰক্ৰিয়া জয়ৰ সমীকৰণৰ সৈতে আৰু আগবাঢ়িব। ‘ইণ্ডিয়া’ৰ টীম আৰু ‘পিডিএ’ৰ ৰণনীতিয়ে ইতিহাস সলনি কৰিব। অখিলেশ যাদৱৰ এই ঘোষণাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশত ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে।
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ ৰাজনীতিত হৈ থকা ডাঙৰ উত্থান-পতনৰ মাজতে উত্তৰ প্ৰদেশৰ পৰাও ডাঙৰ খবৰ আহিছে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ মিত্ৰতাৰ পিছত উত্তৰ প্ৰদেশত ৰাজনীতিত ধুমুহা বলিছে। সমাজবাদী পাৰ্টীৰ প্ৰমুখ অখিলেশ যাদৱৰ এই ঘোষণাৰ পিছত এতিয়া সকলোৰে নজৰ মিত্ৰতাত চামিল বাকী দলৰ ওপত নিবদ্ধ হৈ পৰিছে।
দুদিন পূৰ্বৰে পৰা সমাজবাদী পাৰ্টীৰ ফালৰ পৰা লোকসভা নিৰ্বাচনত নমাৰ বাবে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নামক লৈ আলোচনা হৈ আছিল। দলীয় সূচ্ৰই জনোৱা মতে, কেইবাখনো আসনৰ নাম চূড়ান্ত কৰা হৈছে। অৱশ্যে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত কোন কোন সমষ্টিত মিত্ৰতা হৈছে সেয়া এতিয়াও পোহৰলৈ অহা নাই।অখিলেশৰ ১১খন আসনৰ ঘোষণাক লৈ এতিয়াও উত্তৰ প্ৰদেশ কংগ্ৰেছ বিভ্ৰান্ত হৈ আছে। আসন ভাগ বটোৱাৰাক লৈ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে নীৰৱতা অৱলব্ধ কৰিছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ পৰা মুখপাত্ৰলৈকে, এই মুহূৰ্তত আসন ভাগ-বতৰাৰ ক্ষেত্ৰত কোনো মন্তব্য কৰা নাই। তেওঁলোকে ইয়াক নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰি আছে। বহুতো কংগ্ৰেছ নেতাই অখিলেশ যাদৱে ঘোষণা কৰা আসনৰ সংখ্যাক লৈ হতভম্ব হৈ পৰিছে। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে কেৱল কয় যে ভাল ফলাফল সোনকালেই আহিব। উত্তৰ প্ৰদেশ কংগ্ৰেছে দাবী কৰিছে যে এতিয়াও আৰু অধিক আসন আলোচনা কৰিব লাগিব।