মহানগৰীৰ পানীখাইটীত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত ধেমাজিৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে ব্যাপক চৰ্চা ৷ মূল অভিযুক্ত হিচাপে প্ৰফুল্ল কছাৰীক সাঙুৰি থানাত ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিছিল ৷ কিন্তু ঘটনাই তিনিদিন অতিক্ৰম কৰাৰ পাছত লৈছে নতুন মোৰ ৷ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে মূল অভিযুক্ত প্ৰফুল্ল কছাৰীয়ে ৷ প্ৰফুল্ল কছাৰীৰ স্পষ্ট কথা, “মোৰ পত্নী আৰু খুলশালীয়ে ভাইৰেল কৰিছিল আমাৰ সেইসমূহ ফটো। বহুকেইটা গ্ৰুপত সেই ফটো মোৰ ম’বাইলৰ পৰা পঠাইছে ৷ বৰ্তমানেও পত্নীয়ে ৰাখি থৈছে মোৰ ম’বাইল।”অভিযুক্ত প্ৰফুল্ল কছাৰীয়ে লগতে কয়, “মই বিবাহিত বুলি জানিও মোৰ লগত বিবাহত বহিছিল তাই ৷ ময়ো তাইক বহুত ভাল পাইছিলো ৷ মই প্ৰতাৰণা কৰাৰ কথাই নাহে ৷ মোৰ ম’বাইল নথকাত বেলেগ মানুহৰ ম’বাইলৰ পৰা বহুবাৰ ফোন কৰিছিলো তাইক ৷ কিন্তু কোনো উত্তৰ অহা নাছিল ৷ চৰম পথ লোৱাৰ পূৰ্বে মোৰ লগত ভিডিঅ’ ক’লো কৰিছিল। কিন্তু মই জনা নাছিলো তেওঁ এনে সিদ্ধান্ত ল’ব বুলি ৷”
সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰফুল্ল কছাৰীক সোধা-পোছাৰ বাবে যাব মহানগৰ আৰক্ষী ৷ নুনমাটি আৰক্ষীৰ এটা দল যাব সোধা-পোছাৰ বাবে ৷ কেনেদৰে আৰু কাৰ ম’বাইলৰ পৰা ভাইৰেল হৈছিল সেই অন্তৰংগ মুহূৰ্তৰ ফটো ৷ সকলো কথা সুধিব প্ৰফুল্ল কছাৰীক ৷ লগতে পত্নী আৰু খুলশালীকো কৰিব জেৰা ৷ কিয়নো এজাহাৰত ছাত্ৰীগৰাকীৰ পৰিয়ালে তিনিগৰাকী অভিযুক্তৰ নাম সন্নিবিষ্ট কৰিছিল ৷ সেই বাবেই তিনিও অভিযুক্তকে এই বিষয়ে সোধা পোছা কৰিব আৰক্ষীয়ে ৷উল্লেখযোগ্য যে, যোৱা ২৩ জানুৱাৰীত পানীখাইটী আৰক্ষী চকীৰ সমীপৰ এটা পেয়িং গেষ্টত চৰম পথ লৈছিল পানীখাইটীস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগত পঢ়ি থকা ধেমাজিৰ এগৰাকী ছাত্ৰীয়ে। এই ভয়ংকৰ খবৰৰ পাছতে পৰিয়ালৰ লোকৰ মোবাইললৈ আহিছিল কেইবাখনো ফটো। ফটোত যুৱতীগৰাকীৰ সৈতে ঘনিষ্ঠ অৱস্থাত দেখা গৈছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীক। ফটোকেইখনত কন্যাৰ শিৰত সেন্দুৰ দেখা মাত্ৰকে প্ৰফুল্ল কছাৰীৰ ওপৰত সন্দেহ হৈছিল পৰিয়ালৰ।ইজন সিজনক খা খবৰ কৰোতেই প্ৰফুল্ল কছাৰীয়ে অন্তৰংগ মুহূৰ্তৰ এনে ফটো ৰাজহুৱা কৰা বাবেই যুৱতীয়ে চৰম সিদ্ধান্ত লোৱা বুলি নিশ্চিত হ’ল পৰিয়াল। তাৰ পাছতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ পানীখাইটী আৰক্ষী চকীত হাজিৰ হ’ল ভুক্তভোগী পৰিয়াল। কিন্তু পানীখাইটী আৰক্ষীয়ে প্ৰাগজ্যোতিষপুৰ থানালৈ যোৱাৰ পৰামৰ্শ দিলে এজাহাৰকাৰীক। বিপৰীতে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে যাবলৈ ক’লে ধেমাজি থানালৈ। অৱশেষত শীৰ্ষ আৰক্ষীৰে যোগাযোগ কৰাৰ পাছতেই সলনি হৈ গ’ল পৰিস্থিতি।