আগন্তুক ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ বাজেট অধিৱেশন৷ ৫ ফেব্ৰুৱাৰীৰ পৰা চলিবলগীয়া বাজেট অধিৱেশনৰ ১২ ফেব্ৰুৱাৰীত দাখিল হ’ব ২০২৪-২৫ৰ বাজেটত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট৷ চলিত বৰ্ষৰ বাজেটখন হ’ব মন্ত্ৰী অজন্তা নেওগৰ চতুৰ্থখন বাজেট৷
বাজেট দাখিল কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ৰ বাজেট সন্দৰ্ভত আগবঢ়াই মন্তব্য৷ মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ৰ বাজেট হ’ব জনমুখী আৰু বাস্তৱধৰ্মী৷ মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটে বিশেষভাৱে আয়ৰ পৰিৱৰ্তে ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব বিশেষ লক্ষ্য৷
লক্ষ্য অনুসৰি, আয়ৰ ৯০ শতাংশ ব্যয় কৰাৰ লক্ষ্য৷ ইয়াৰ লগতে কৰ কাটল বৃদ্ধি নকৰাকৈ জনতাৰ কল্যাণৰ দিশ আগত ৰাখি বাজেট দাখিল কৰাৰ লক্ষ্য বিত্ত মন্ত্ৰীৰ৷ পিছে, প্ৰশ্ন হয় বিত্তমন্ত্ৰীয়ে দাবী কৰা ধৰণে সেয়া জনমুখী হয় নে নহয় সেয়া বাজেট দাখিলৰ পিছতহে স্পষ্ট হ’ব৷
যদিওৱা সময়ে সময়ে দাখিল কৰা এই বাজেটসমূহ বছৰৰ পাছত বছৰ একেখিনি কথাকে প্ৰকাশ কৰা দেখা যায়৷ বিশেষভাৱে সন্মুখত নিৰ্বাচন আহিলে সেয়া জনসাধাৰণক আকৰ্ষণ কৰিব পৰাকৈ দাখিল হয় বাজেট৷ সেই ধৰণে যদি কোৱা হয়৷ ২৪ত যিহেতুকে দেশৰ লোকসভা নিৰ্বাচন তেনে সময়ত স্বাভাৱিকতে লক্ষ্য থাকিব ভোটাৰৰ ওপৰত৷ লক্ষ্য থাকিব সমাজৰ দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ ওপৰত৷ যাতে এই বাজেটে আকৰ্ষণ বৃদ্ধি কৰিব পাৰে জনতাৰ৷ সেয়ে এতিয়া কেনে ধৰণৰ বাজেট দাখিল কৰিব মন্ত্ৰী অজন্তা নেওগে সেয়া ১২ তাৰিখৰ পাছত হে স্পষ্ট হ’ব৷