গুৱাহাটীলৈ পঢ়িবলৈ অহা ধেমাজিৰ ছাত্ৰীৰ শিৰত সেন্দুৰ দি ব্লেকমেইলিং কৰিছিল নেকি বিবাহিত প্ৰফুল্ল কছাৰীয়ে?



 ছাত্ৰনেতাৰ ব্লেকমেইলিঙৰ বলি হৈ মহানগৰীৰ পানীখাইটীত যোৱা ২৩ জানুৱাৰীত ধেমাজীৰ এগৰাকী ছাত্ৰীয়ে চৰম পথ বাছি লোৱাৰ ঘটনাই বহু কথাই পোহৰলৈ আনিছে ৷ কেনেদৰে লম্পট প্ৰফুল্ল কছাৰীয়ে বিবাহিত হৈও প্ৰেমৰ জালত পেলাইছিল ছাত্ৰীগৰাকীক। এই সকলো তথ্য ম’বাইলৰ পৰা উলিয়াবলৈ ছাত্ৰীগৰাকীৰ মবাইল প্ৰেৰণ কৰিছে CID লৈ ৷

ধেমাজিৰ ছাত্ৰীৰ মহানগৰীত ৰহস্যজনকভাৱে মৃত্যুৰ ঘটনাই বৰ্তমানেও চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ ৷ কেনেদৰে অধ্যয়ন কৰিবলৈ আহি অভিযুক্ত প্ৰফুল্ল কছাৰীৰ জালত ভৰি দি নিজকে শেষ কৰি পেলালে মেধাৱী ছাত্ৰীগৰাকীয়ে ৷ সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি ছাত্ৰীগৰাকীৰ পৰিয়ালে মহানগৰীৰ পানীখাইটী আৰক্ষী চকীত এজাহাৰ দিব আহিছিল যদিও প্ৰথমে এজাহাৰ লোৱা নাছিল ৷ কিন্তু বিষয়টো চৌদিশে চৰ্চা হোৱাত নুনমাটিৰ সহকাৰী আৰক্ষী আয়ুক্তই এজাহাৰ গ্ৰহণ কৰি তদন্ত আগবঢ়ায়৷তদন্ত আৰম্ভ কৰিয়েই পাছৱৰ্ডৰে বন্ধ হৈ থকা ছাত্ৰীগৰাকীৰ ম’বাইলটো প্ৰেৰণ কৰে CIDলৈ। ম’বাইলটো খুলিলেই হয়তো ওলাই পৰিব বহু বিস্ফোৰক তথ্য ৷ পোহৰলৈ আহিব কেনেদৰে কি পৰ্যায়ত গৈ বিবাহিত প্ৰফুল্লই ব্লেকমেইল কৰিছিল ছাত্ৰীগৰাকীক ৷ যাৰ পৰিণতিত চৰম পথ বাছি ল’বলগীয়া হৈছিল ছাত্ৰীগৰাকীয়ে ৷ পৰিয়ালৰ লোকৰ গুৰুতৰ অভিযোগ প্ৰফুল্ল কছাৰীৰ লগতে তেওঁৰ পত্নী আৰু খুলশালীও সমগ্ৰ ঘটনাত সমানেই জগৰীয়া ৷ গতিকে এই সকলোবোৰ অভিযোগৰ সত্য উদঘাটনৰ বাবে আৰক্ষীও অপেক্ষা কৰিছে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিব কেনেধৰণৰ মানসিক হেঁচাত পৰি চৰম পথ বাচি লবলগীয়া হৈছিল ছাত্ৰীগৰাকীয়ে ৷ একে সময়তে মহানগৰ আৰক্ষীয়ে অভিযুক্ত প্ৰফুল্লৰ বিৰুদ্ধে নৰম স্থিতি লোৱা বুলিও গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে।


উল্লেখযোগ্য যে, যোৱা ২৩ জানুৱাৰীত পানীখাইটী আৰক্ষী চকীৰ সমীপৰ এটা পেয়িং গেষ্টত চৰম পথ লৈছিল পানীখাইটীস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগত পঢ়ি থকা ধেমাজিৰ এগৰাকী ছাত্ৰীয়ে। এই ভয়ংকৰ খবৰৰ পাছতে পৰিয়ালৰ লোকৰ মোবাইললৈ আহিছিল কেইবাখনো ফটো। ফটোত যুৱতীগৰাকীৰ সৈতে ঘনিষ্ঠ অৱস্থাত দেখা গৈছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীক। ফটোকেইখনত কন্যাৰ শিৰত সেন্দুৰ দেখা মাত্ৰকে প্ৰফুল্ল কছাৰীৰ ওপৰত সন্দেহ হৈছিল পৰিয়ালৰ।

ইজন সিজনক খা খবৰ কৰোতেই প্ৰফুল্ল কছাৰীয়ে অন্তৰংগ মুহূৰ্তৰ এনে ফটো ৰাজহুৱা কৰা বাবেই যুৱতীয়ে চৰম সিদ্ধান্ত লোৱা বুলি নিশ্চিত হ’ল পৰিয়াল। তাৰ পাছতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ পানীখাইটী আৰক্ষী চকীত হাজিৰ হ’ল ভুক্তভোগী পৰিয়াল। কিন্তু পানীখাইটী আৰক্ষীয়ে প্ৰাগজ্যোতিষপুৰ থানালৈ যোৱাৰ পৰামৰ্শ দিলে এজাহাৰকাৰীক। বিপৰীতে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে যাবলৈ ক’লে ধেমাজি থানালৈ। অৱশেষত শীৰ্ষ আৰক্ষীৰে যোগাযোগ কৰাৰ পাছতেই সলনি হৈ গ’ল পৰিস্থিতি।

পানীখাইটী আৰক্ষীয়ে এজাহাৰৰ আধাৰত ৰুজু কৰিলে গোচৰ। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিলে তদন্ত। লগে লগে তদন্তত সহায় কৰিবলৈ আগবাঢ়ি আহিল সোণোৱাল কছাৰী ছাত্ৰ সন্থা। অভিযুক্ত প্ৰফুল্ল কছাৰীক কাহানিবাই সংগঠনটোৰ পৰা বহিষ্কাৰ কৰাৰ কথা জনালে বিষয়ববীয়াই। যুৱতীয়ে চৰম পথ গ্ৰহণ কৰাৰ আঁৰত প্ৰফুল্ল কছাৰীৰ লগতে পত্নী আৰু পত্নীৰ ককায়েকো জড়িত থকাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। গোচৰ ৰুজু কৰোতে চুড়ান্ত গাফিলতি কৰা মহানগৰ আৰক্ষীয়ে উচিত তদন্ত কৰি ঘটনাৰ তদন্ত কৰিব বুলি আশা ভুক্তভোগী পৰিয়ালৰ।

Post a Comment

Previous Post Next Post