তথ্য-প্ৰমাণ মজুত আছে, অভিযুক্ত বিষয়া নিলম্বিত হৈছে, কিন্তু SITৰ হাতত তদন্তৰ দায়িত্ব পৰাৰ পিছতে জামিনত মুকলি হৈছে এজনৰ পাছত আনজন অভিযুক্ত!


 

নিয়মমাফিক তদন্তৰে দায়িত্ব সামৰিলে নেকি SITএ? SIT-এ গ্ৰেপ্তাৰ কৰা APSCৰ এজন এজনকৈ বিষয়াই লাভ কৰিছে জামিন। উপযুক্ত তথ্য প্ৰমাণৰ পাছতো কেনেকৈ মুক্ত আকাশৰ তলত দুৰ্নীতিগ্ৰস্ত বিষয়া? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০২৩ বৰ্ষৰ ২১ নৱেম্বৰত গঠন কৰা SIT-এ আৰম্ভ কৰিছিল APSC ২০১৩ বৰ্ষৰ তদন্ত ৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ হোৱা তদন্ত প্ৰক্ৰিয়াত ৫ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ২১ গৰাকী বিষয়াক নিলম্বন কৰা হৈছিল ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা এইসকল ৰাজপত্ৰিত বিষয়া এতিয়া এজনৰ পাছত আনজনকৈ আহিছে মুক্ত আকাশৰ তলত ৷


উল্লেখযোগ্য যে, পৰীক্ষাৰ মূল উত্তৰবহীত নম্বৰ বৃদ্ধি তথা ট্যেবুলেশ্যন শ্বীতত নম্বৰ সালসলনিকে ধৰি বহু প্ৰাৰ্থীৰ পৰীক্ষাত নিজ হস্তাক্ষৰৰ সৈতে নাই কোনো সামঞ্জস্য ৷ তাৰপিছতো কোনোবা মাত্ৰ এমাহ, পোন্ধৰ দিন অথবা কোনোবা জন ২ মাহৰ ভিতৰতে আহিছে মুক্ত আকাশৰ তলত ৷ আৰু তাৰ উদাহৰণ ঐশ্বৰ্য জীৱন বৰুৱা আৰু ছাহজাহান সৰকাৰ ৷ গ্ৰেপ্তাৰৰ মাত্ৰ দুমাহৰ ভিতৰত মুক্ত আকাশৰ তলত দুই APS বিষয়া ৷এতিয়া প্ৰশ্ন হৈছে পূৰ্বৰ চৰকাৰৰ দিনত গ্ৰেপ্তাৰ হোৱা ৫৬ ৰাজপত্ৰিত বিষয়া প্ৰায় এবছৰৰ অধিক দিন জেল-হাজোতত থকাৰ লগতে আৰু পৰৱৰ্তী সময়ত চাকৰিৰ পৰা বৰ্খাস্ত হ’ল ৷ কিন্তু ৰহস্যজনকভাৱে একে শৰ্মা আয়োগৰ প্ৰতিবেদনত দুৰ্নীতিৰ অভিযোগ থকা ৩৪ ৰাজপত্ৰিত বিষয়াৰ মাথো ৫ বিষয়াক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰাৰ লগতে ২১ বিষয়াহে নিলম্বিত হয় ৷ এতিয়া প্ৰশ্ন হৈছে এয়া SIT ৰ পক্ষপাতিত্বমূলক ভূমিকা নে আন কিবা?

Post a Comment

Previous Post Next Post