কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বাহিনীত যোগদান কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু নেত্ৰী অংকিতা দত্ত



 ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ এক ডাঙৰ খবৰ। কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। লগতে কংগ্ৰেছ ত্যাগ কৰিব অংকিতা দত্তই। খবৰ অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে দুই কংগ্ৰেছী নেত্ৰী। অহা ২৮ জানুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীৰ।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ এই দুয়োগৰাকী নেত্ৰীৰ লগতে বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই ৷ এই মুহূৰ্তত আহি পৰা খবৰ অনুসৰি, বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসে।

Post a Comment

Previous Post Next Post