সাৱধান! আপোনৰ গাড়ীখনৰ বাবেই গাড়ী চুৰি চক্ৰৰ বলি হ’ব পাৰে আপুনিও।
বিগত বৰ্ষৰ ১০ ডিচেম্বৰত কাছাৰৰ ৰামনগৰ বাইপাছৰ উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ। এখন ট্ৰাকে ৰাজপথত মহটিয়াই নিছিল লোকজনক। কিন্তু মৃতদেহ উদ্ধাৰৰ পিছতে সকলোৰে মনলৈ আহিছিল বহু কেইটা প্ৰশ্নৰ। কাৰণ ট্ৰাকৰ খুণ্ডাত মৃত্যু হোৱা মিঠু বিশ্বাসৰ দেহত কাপোৰ নাছিল। দ্বিতীয়তে মৃতদেহ উদ্ধাৰ হৈছিল যদিও কাষতে নাছিল মিঠু বিশ্বাসৰ বাহনখন। এই দুটা কথাই সৃষ্টি কৰিছিল সন্দেহৰ। এয়া দুৰ্ঘটনা নহয় হত্যাকাণ্ড আছিল। প্ৰায় এমাহ যোৰা তদন্তৰ অন্তত কাছাৰ আৰক্ষীয় গ্ৰেপ্তাৰ কৰিলে মুঠ পাঁচজন লোকক। কাছাৰ আৰক্ষীয়ে মিঠু বিশ্বাসক মহটিয়াই নিয়া ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিলে এটা গাড়ী চুৰি চক্ৰৰ চাৰিজন লোকক।উল্লেখ্য যে, ট্ৰাকৰ খুণ্ডাত মৃত্যু হৈছিল যদিও প্ৰকৃততে মিঠু বিশ্বাসৰ হত্যাকাৰী গাড়ী চুৰি চক্ৰ থকা বুলি তথ্য পোহৰলৈ আহিল। গাড়ী চুৰি চক্ৰৰ বাবেই ট্ৰাকৰ খুণ্ডাত মৃত্যু হৈছিল মিঠু বিশ্বাসৰ।
আচলতে কি হৈছিল? কেনেদৰে মৃত্যু হৈছিল মিঠু বিশ্বাসৰ?
কৰিমগঞ্জৰ মিঠু বিশ্বাসৰ জীৱিকা অৰ্জনৰ সম্বল এখন ৱাগনআৰ বাহন। এইখন বাহনেৰে ভাড়া মাৰি ফুৰে মিঠু বিশ্বাসে। বিগত বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনা চাৰিজন লোকে মিঠু বিশ্বাসৰ বাহনখন কৰিমগঞ্জৰ পৰা শিলচৰলৈ বুলি ভাড়ালৈ লৈছিল। এই যাত্ৰাৰ সময়তে লোককেইজনে মিঠু বিশ্বাসক নিচাযুক্ত দ্ৰব্য সেৱন কৰায়। জানিব পৰা মতে, এই লোক কেইজনে অচেতন প্ৰায় হৈ পৰা মিঠু বিশ্বাসক নিশা কাছাৰৰ ৰামনগৰ বাইপাছত চালকৰ আসনৰ পৰা পেলাই দিয়ে। অচেতন প্ৰায় অৱস্থাত ৰামনগৰ বাইপাছত পেলাই দিয়া সময়ত মিঠু বিশ্বাসৰ দেহত কোনো আৱৰণ নাছিল। পিছত নিচাত আসক্ত মিঠু বিশ্বাসক নিশা ৰাজপথত মহটিয়াই লৈ যায় এখন দ্ৰুতবেগী ট্ৰাকে। পাছ দিনা ট্ৰাকৰ খুণ্ডাত মৃত্যু হোৱা মিঠু বিশ্বাসৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ গোচৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে মৃত মিঠু বিশ্বাসৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে।
কাছাৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক চালকজনক আটক কৰে। কিন্তু মিঠু বিশ্বাসৰ উলংগ মৃতদেহ তথা বাহনখন বিচাৰি নোপোৱাক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। পৰৱৰ্তী সময়ত কাছাৰ আৰক্ষীয়ে তদন্ত চলাই মিঠু বিশ্বাসৰ বাহনখন আইজলত উদ্ধাৰ কৰে। আইজলত বিক্ৰী কৰা হৈছিল মিঠুৰ বাহনখন। আৰু তাৰেই সূত্ৰ ধৰি কাছাৰ আৰক্ষীয়ে ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ৰামকৃষ্ণনগৰৰ অৰুণ দাস আৰু আজিমুদ্দিন, পাথাৰকান্দিৰ জেছিমুদ্দিন, কনকপুৰৰ ৰাজু হুছেইন বৰভূঞাক গ্ৰেপ্তাৰ কৰে। এই চাৰিটা দুৰ্বৃত্তই মিঠু বিশ্বাসৰ গাড়ী ভাড়ালৈ লৈ কৌশলেৰে আইজলত চুৰি গাড়ী বিক্ৰীৰ ফণ্ডি পাতিছিল। কিন্তু মিঠুৰ অপ্ৰত্যাশিত মৃত্যুৱে সলনি কৰি পেলালে ঘটনাৰ গতি। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সকলো গাড়ী চুৰি চক্ৰৰ তথ্য। এমাহ চুৰি গাড়ী বিক্ৰীৰ ধনেৰে ফূৰ্তি তামাচা কৰাৰ পাছত ট্ৰাক চালকৰ লগতে ৰঙা ঘৰৰ আলহী হ’ল গাড়ী চুৰি চক্ৰৰ চাৰি অভিযু্ক্ত।