ইউটিউবাৰ দিম্পু বৰুৱাই কি মাছেৰে খাব উৰুকাৰ ভোজ?


 

অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাৰ ভিডিঅ’ চাই মানুহে যথেষ্ট ভাল পায়। একাংশ লোকে তেওঁৰ ভিডিঅ’ চাবলৈ যেন বাট চাই ৰয়। আজি দিম্পুৱে মাঘ বিহুৰ উৰুকাৰ পুৱা গুৱাহাটীৰ উজান বজাৰত মাছ ক্ৰয় কৰিবলৈ কেনেদৰে মানুহে ভিৰ কৰিছে তাকে লৈ এটা ভিডিঅ’ বনালে। পুৱা ৪ বজাতে দিম্পুৱে ঘৰলৈ বুলি চিতল আৰু আৰি মাছ বিচাৰি উজান বজাৰলৈ আহে। লগতে ৰাজ্যবাসীক গুৱাহাটীৰ বিখ্যাত মাছ বজাৰৰ উখল-মাখল পৰিৱেশ দেখুৱাবলৈও প্ৰয়াস কৰে।


উজান বজাৰত চিতল মাছৰ দাম ৮০০ৰ পৰা ১০০০ টকাৰ ভিতৰত পৰিছে।
দিম্পুৱে কয় যে আজি মাছ ক্ৰয় কৰা হৈছে যদিও মাঘ বিহুৰ উৰুকাত মাংসৰেই ভোজ খোৱা হয় আৰু কাইলৈ অৰ্থাৎ উৰুকাৰ পিছদিনাহে মাছ খোৱা হ’ব। লগতে তেওঁ ক’লে, ‘‘মাছৰ বজাৰ বহুত দেখিলো, কিন্তু উজান বজাৰৰ দৰে ক’তো দেখা নাই।’’

দিম্পুৱে উজান বজাৰৰ পৰা মাঘৰ উৰুকা উপলক্ষে ৩ কেজি ওজনৰ এটা চিতল মাছ ক্ৰয় কৰে। এই মাছটোৰ মূল্য প্ৰতি কেজিত ৮০০ টকা বুলি জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post