'স্বামী হিংস্ৰ', সন্তানক নষ্ট কৰিলে! হত্যাৰ পূৰ্বে নিচুকনি গীত গাই শুৱাইছিল পুত্ৰ সন্তানক!



 বেংগালুৰুৰ এগৰাকী মাতৃয়ে ৪ বছৰীয়া পুত্ৰ সন্তানক কৰা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৩৯ বছৰীয়া মাতৃ সূচনা শেঠৰ এই ঘটনাই হতচকিত কৰিছে সকলোকে। এটা বৃহৎ কোম্পানীৰ CEO সূচনাই কিয় কৰিব লগা হ’ল এনে জঘন্য কাণ্ড? নিজ সন্তানক কিয় হত্যা কৰিলে মাতৃয়ে? এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ মাজতে পোহৰলৈ আহিছে সূচনা কাণ্ডৰ কিছুমান চাঞ্চল্যকৰ তথ্য।


অভিযোগ অনুসৰি, যোৱা ৬ জানুৱাৰীত গোৱাৰ এখন হোটেলত সূচনা শেঠে নিজ পুত্ৰ সন্তানক হত্যা কৰিছিল। শুকুৰবাৰে আৰক্ষীয়ে সূচনাক পুনৰ হোটেলৰ কোঠা অৰ্থাৎ অপৰাধ সংঘটিত হোৱা স্থানলৈ অনুসন্ধানৰ বাবে লৈ যায়। এজন তদন্তকাৰী বিষয়াৰ মতে, “প্ৰায় ডেৰ-দুঘণ্টা ধৰি সমগ্ৰ অপৰাধস্থলীটো পুনৰ নিৰীক্ষণ কৰা হৈছিল।”

আন এজন তদন্তকাৰী বিষয়াই কয়, “তেওঁ (সূচনা শেঠে) আমাক তেওঁৰ পুত্ৰ ক’ত শুই আছিল, ছুটকেছটো ক’ত ৰাখিছিল, মৃতদেহটো কেনেকৈ বেগত ভৰাইছিল সেইবোৰ দেখুৱাইছিল আৰু বৰ্ণনা কৰিছিল।” অপৰাধস্থলীত উপস্থিত আন এজন ডাটা বিজ্ঞানীয়ে কয় যে সূচনাই আনকি নিজৰ সিৰাও কটাৰ চেষ্টা কৰিছিল।

জানিব পৰা মতে, এই ঘটনাত এখন হাতে লিখা চিঠিও উদ্ধাৰ কৰা হৈছে। চিঠিখন সূচনা শেঠেই লিখা বুলি ধৰা হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, চিঠিখন আইলাইনাৰৰ সহায়ত লিখা হৈছিল। এক প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, চিঠিখনত লিখা আছিল, “আদালত আৰু মোৰ (প্ৰাক্তন) স্বামীয়ে মোক পুত্ৰৰ তত্ত্বাৱধানৰ বাবে হেঁচা প্ৰয়োগ কৰিছে, যিটো মই আৰু ল’ব নোৱাৰো। মোৰ স্বামী বৰ হিংস্ৰ। মোৰ ল’ৰাক বেয়া অভ্যাস শিকায়। তাৰ পিতৃক এদিনৰ জিম্মাও দিব নিবিচাৰো।’’ ইতিমধ্যে সূচনাৰ প্ৰাৰম্ভিক হাতৰ আখৰৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু ফৰেনছিক লেবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে কয় যে সূচনাই পুত্ৰক হত্যা কৰাৰ পূৰ্বে নিচুকণি গীত গোৱাই শুৱাইছিল।

Post a Comment

Previous Post Next Post