কোনো অচিনাকি নম্বৰৰ পৰা আপোনালৈ আহিব পাৰে ফোন আৰু আপোনাক ক’ব পাৰে *401# ডায়েল কৰিবলৈ! শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ চাইবাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। নতুন নতুন কূট-কৌশল অৱলম্বন কৰি লুণ্ঠন চলোৱা চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে বহু সাধাৰণ মানুহ। সাৱধান নহ’লে আপোনাৰো কষ্টোপাৰ্জিত ধন চুৰি কৰি লৈ যাব পাৰে প্ৰৱঞ্চকে।
এইবাৰ আৰম্ভ হৈছে অনলাইনযোগে এক নতুন প্ৰৱঞ্চনাৰ জাল। প্ৰৱঞ্চকে নিজকে গ্ৰাহক সেৱাৰ বিষয়া অথবা আপোনাৰ মোবাইল চাৰ্ভিছ প্ৰভাইডাৰৰ বিষয়া বুলি ভুৱা পৰিচয় দি আপোনালৈ কৰিব পাৰে ফোন। ইয়াৰ পিছত গ্ৰাহকক *401# নম্বৰত ডায়েল কৰিবলৈ অনুৰোধ জনাব। কিন্তু আপুনি এই দুষ্টচক্ৰৰ ছলাহী কথাত ভুল নাযাব।*401# ডায়েল কৰিলেই আপোনাৰ হ’ব পাৰে বিপদ! এই কৌশলৰ জৰিয়তে দুষ্টচক্ৰই এনেকুৱা এখন জাল পাতি ৰাখে, য’ত আপুনি উক্ত নম্বৰটো ডায়েল কৰাৰ পিছত প্ৰৱঞ্চকৰ নিৰ্দেশনা অনুসৰণ কৰা আৰম্ভ কৰিব আৰু আপোনাৰ ফোনটোৰ সকলো তথ্য প্ৰৱঞ্চকে লাভ কৰিব। আনকি আপোনাৰ ফোন কলবোৰো তেওঁলোকৰ নম্বৰলৈ অবিৰতভাৱে ফৰৱাৰ্ড হৈ থাকিব।প্ৰৱঞ্চকৰ এই ফান্দত ভৰি দিলেই আপোনাৰ সকলো ফোন, কলৰ ডাটা প্ৰৱঞ্চকৰ হাতলৈ গুচি যাব। তাৰপিছত আৰু প্ৰৱঞ্চকক আপোনাৰ বেংক একাউণ্ট খালী কৰিবলৈ বেছি সময় নালাগিব। আনকি কোনোবাই আপোনাৰ নম্বৰ, নাম লৈ কোনো অবৈধ কামতো লিপ্ত হ’ব পাৰে!