গোৱালপাৰাৰ পঞ্চৰত্নত উচ্ছেদিত লোকৰ কৰুণ মৃত্যু। প্ৰচণ্ড ঠাণ্ডা সহ্য কৰিব নোৱাৰি মৃত্যুক সাবটি লয় বয়াত আলী (৫৫) নামৰ লোকজনে। যোৱা বুধবাৰে পঞ্চৰত্নত জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ চলাইছিল। উচ্ছেদিত লোকে আশ্ৰয় লৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত। হাড় কঁপোৱা শীতত পুৱা মৃত্যু হয় লোকজনৰ। নিজৰ ভেটি-মাটি চাবলৈ গৈ অস্থায়ী কেম্পলৈ উভতাৰ পথত ঠাণ্ডাত মৃত্যু হয় লোকজনৰ।