গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদান। বাহন চলোৱাৰ লগতে অসুবিধা হৈছে বিমান চলাচলতো। মুম্ৱাইৰ পৰা যাত্ৰীসহ গুৱাহাটীলৈ ৰাওনা হৈছিল ইণ্ডিগ’ৰ 6E 5319 নম্বৰৰ বিমানখন। কিন্তু ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰিলে বিমানখন। গুৱাহাটীৰ পৰিৱৰ্তে বিমানখন গুৱাহাটীৰ পৰা ৪০০ কিলোমিটাৰ নিলগত অৱতৰণৰ বাবে লৈ যোৱা হয়। বিমানখনে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ কৰে।
বিমানখনত আছিল প্ৰায়সংখ্যক ভাৰতীয় যাত্ৰী। যুৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুৰজ সিং ঠাকুৰৰ বিমানৰ পৰা টুইট। ইম্ফলত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিবলৈ গুৱাহাটীলৈ আহি আছিল সুৰজ সিং ঠাকুৰ।এটা টুইটত সূৰজ সিং ঠাকুৰে লিখিছে, ‘‘ইণ্ডিগ’ বিমানেৰে মুম্বাইৰ পৰা গুৱাহাটীলৈ গৈ আছিল। কিন্তু ঘন কুঁৱলীৰ বাবে বিমানখন গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰিলে। আৰু পিছত ঢাকাত অৱতৰণ কৰিলে। এতিয়া সকলো যাত্ৰীকে পাছপ’ৰ্ট অবিহনে বাংলাদেশলৈ অনা হয়। আৰু এতিয়া আমি বিমানৰ ভিতৰত বহি আছো। অৱশ্যে বিমানখন দেশৰ সীমান্তৰ পাৰ কৰি কিয় বাংলাদেশলৈ নিবলগীয়া হোৱাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত ইণ্ডিগ’ কৰ্তৃপক্ষৰ পৰাও কোনো সঁহাৰি লাভ কৰা নাই।’’