হনুমান মন্দিৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ভাঙিলে ৰাম-সীতাৰ মূৰ্তি


 

ৰাম মন্দিৰৰ উদ্বোধনৰ প্ৰাক মুহূৰ্তত হাইলাকান্দিত হনুমান মান্দিৰত চোৰৰ লুটপাট-উদ্ভণ্ডালি। চোৰে ভাঙিলে ৰাম আৰু সীতাৰ মূৰ্তি। মন্দিৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে বহু মূল্যৱান আ-অলংকাৰ।

নিশা চোৰে হনুমান মন্দিৰটোত প্ৰৱেশ কৰি ৰাম-সীতাৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে সোণ-ৰূপৰ অলংকাৰ লুটি নিয়ে। মন্দিৰৰ দানপাত্ৰৰ ধনো লৈ যায় চোৰে। লুটি নিয়ে হনুমান মূৰ্তিত থকা অলংকাৰো।


ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰ দুপটৰ বৰুৱা,উপ-আৰক্ষী অধীক্ষক সুৰজিৎ চৌধুৰীকে ধৰি হাইলাকান্দি সদৰ থানাৰ বিভিন্ন বিষয়া ঘটনাস্থলীত উপস্থিত হয়।মন্দিৰৰ সামগ্ৰীৰ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। চোৰে কেইবালাখ টকাৰ ক্ষতি কৰা বুলি জনাইছে মন্দিৰ কমিটীৰ লগতে পূজাৰীয়ে। ঘটনা সন্দৰ্ভত ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post