দেশৰ জল পৰিবহণ খণ্ডত আহিব বৈপ্লবিক পৰিৱৰ্তন, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে সাগৰমালা প্ৰকল্প



 দেশৰ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰালয়ে। ৰাজস্থানত এই কথা জানিবলৈ দি বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্য পূৰণৰ বাবে সাগৰমালা প্ৰকল্প গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ১১৩টা অভিলাষী জল পৰিবহণ প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব।

এই প্ৰকল্পৰ বাবে কেন্দ্ৰই ব্যয় কৰিব ৭,০৩০ কোটি টকা। দেশৰ নদীসমূহত কাৰ্গো জাহাজ চলোৱাটো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দি মন্ত্ৰী সোণোৱালে কয় যে এই পৰিবহণ ব্যৱস্থা অৰ্থনৈতিকভাৱে বহু সুবিধাজনক।

বিশ্ব বেংকৰ প্ৰতিবেদন মতে জল পৰিবহণ পৰিৱেশ অনুকূল আৰু এই ব্যৱস্থা কাৰ্যকৰী হ’লে ৰে’ল আৰু পথ পৰিবহণৰ তুলনাত ইন্ধনৰ পৰিমাণ হ্ৰাস পায় ১৮.৫ শতাংশৰ পৰা ৯১.৬ শতাংশলৈ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জল পৰিবহণ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাছিল। বৰ্তমান মোদী চৰকাৰে দেশৰ জল পৰিবহণ খণ্ডত বৈপ্লবিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে বুলিও সাংবাদিকক কয় সৰ্বানন্দ সোণোৱালে।



Post a Comment

Previous Post Next Post