বিহুত কিমান ডাঙৰ মাছ খাব? কিন্তু আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী এইবোৰ মাছ, জানক চিকিৎসকে কি কয়?



 কাইলৈ হেঁপাহৰ উৰুকা। উৰুকা বুলি ক’লেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ডাঙৰ-ডাঙৰ মাছে। ৰৌ-ভকুৱা, আঁৰি-বৰালিৰ পৰা বাহু-মিৰিকালৈ, বিভিন্ন মাছেৰে ভৰি পৰে বিহুৰ বজাৰ। কিন্তু বিহুৰ সময়তে হওক বা সাধাৰণ দিনতে হওক, কেনেকুৱা মাছ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।


মাছৰ আকাৰ ক্ষিপ্ৰ গতিত বৃদ্ধি হ’বলৈ মাছ পালকসকলে কেতিয়াবা মাছৰ শৰীৰত বিভিন্ন হৰম’ন সুমুৱাই দিয়ে। ইয়াৰ উপৰিও একাংশ মাছ পালকে মাছত বৃহৎ পৰিমাণৰ হৰম’ন আৰু এণ্টিবায়টিক বেজী দিয়ে। আৰু এনেধৰণৰ মাছ খালে আমাৰ স্বাস্থ্যৰ বাবে বৃহৎ ক্ষতি হ’ব পাৰে। সেয়েহে বজাৰৰ পৰা ডাঙৰ ডাঙৰ মাছ ক্ৰয় কৰাটো বন্ধ কৰক। পৰাপক্ষত সৰু সৰু মাছ কিনিব। সৰু আকাৰৰ মাছ শৰীৰৰ বাবে বহু উপকাৰ আছে।ডাঙৰ-ডাঙৰ মাছত তেল থাকে। আৰু মাছৰ তেল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আৰু এই ভয়ৰ বাবেই বহুতে প্ৰিয় খাদ্য হ’লেও ডাঙৰ মাছ খোৱাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। কিন্তু মাছৰ তেল সঁচাকৈয়ে আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক নেকি? সৰু মাছ খোৱাৰ উপকাৰিতাৰ লগতে ডাঙৰ মাছ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সেই বিষয়ে প্ৰকৃত তথ্য জানেনে?


সৰু মাছ কেতিয়াবা কেতিয়াবা কম দামীও হ’ব পাৰে কেতিয়া দামীও হ’ব পাৰে কিন্তু সৰু মাছত পুষ্টিকৰ উপাদানৰে ভৰি থাকে। পাৰিলে সকলোবোৰ মাছ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত ৰাখিবলৈ চেষ্টা কৰক। আপুনি ডাঙৰ মাছ সপ্তাহত এবাৰ খাব পাৰিব। ১০০ গ্ৰাম মাছত ২০.৩ গ্ৰাম প্ৰটিন থাকে। লগতে কেলচিয়াম, আইৰণ, ফছফৰাছ আৰু ভিটামিন-A থাকে। মাছৰ কেলচিয়াম, আইৰণ, ফছফৰাছে আমাৰ দৃষ্টিশক্তি ভালে ৰাখে। ইয়াৰ উপৰিও হাড় আৰু দাঁতৰ ক্ষেত্ৰত কেলচিয়াম অতি উপযোগী। ১০০ গ্ৰাম পুঠি মাছত ১৪৪ কেলৰি থাকে, যিয়ে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে।আনহাতে ডাঙৰ মাছত প্ৰচুৰ পৰিমাণে ক্ষতিকাৰক চৰ্বি থাকে, যিয়ে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। ডাঙৰ মাছ অধিক খোৱাৰ ফলত হৃদৰোগ আৰু অন্যান্য ৰোগৰ সৃষ্টি কৰিব পাৰে। তদুপৰি হাঁপানী বা বাতবিষৰ ক্ষেত্ৰত ডাঙৰ মাছ বহুত ক্ষতিকাৰক হ’ব পাৰে।

Post a Comment

Previous Post Next Post