ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন হ’ল শ্ৰীৰামৰ মূৰ্তি, ৪ঘণ্টা ধৰি চলিল পূজা

 


অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন হ’ল ৰামললাৰ মূৰ্তি। প্ৰায় ৪ ঘণ্টাজোৰা পূজাৰ অন্তত ৰামললাৰ মূৰ্তি গৰ্ভগৃহত স্থাপন হয়। বিধি-বিধান অনুসৰি স্থাপন কৰা হয় ৰামললাৰ মূৰ্তি। ২২ জানুৱাৰীত হ’ব প্ৰাণপ্ৰতিষ্ঠাৰ পৱিত্ৰ উৎসৱ।


ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে নতুন ৰূপত জিলিকি উঠিছে ৰাম নগৰী অযোধ্যা। বিভিন্ন প্ৰাচীনকালৰ চিত্ৰকলাৰ সজ্জিত হৈ পৰিছে ৰামনগৰী। ফ্লাই অ’ভাৰত স্থাপন কৰা ষ্ট্ৰীট লাইট আৰু পৰম্পৰাগত ‘ৰামানন্দী তিলক’ থীমৰ আধাৰত ডিজাইন কৰা হৈছে।২২ জানুৱাৰীত অযোধ্যা চলৰত ৰামমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী লগে উপস্থিত থাকিব দেশৰ বহু ভিভিআইপি লোক। মহাসমাৰোহলৈ মাজলৈ ৪ দিন বাকী থকাৰ পূৰ্বে অযোধ্যাত বিৰাজ কৰিছে ধাৰ্মিক পৰিৱেশ।


অযোধ্যা চহৰৰ মূল পথ দুটা ৰাম পথ আৰু ধৰ্ম পথো বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ফৈজাবাদ চহৰৰ সহাদতগঞ্জৰ পৰা অযোধ্যা চহৰৰ নয়া ঘাট চহৰলৈ ১৩ কিলোমিটাৰ দৈৰ্ঘৰ পথ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে ইয়াক সুন্দৰকৈ সজাই তোলা হৈছে। লতা মগেংশকাৰ চকত আছে বিশাল বেনাৰ আৰু হৰ্ডিং। আৰু তাত প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ বিভিন্ন তথ্য সন্নিবিষ্ট হৈ আছে।

Post a Comment

Previous Post Next Post