নগাঁৱত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ


 

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই আহিছে। এই অভিযানত বহু পৰিমাণৰ ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। কিন্তু তথাপিও যেন ড্ৰাগছৰ বেহা বৰ্তমানেও চলি আছে ৰাজ্যত। ড্ৰাগছ ফ্ৰী অসম কৰাৰ উদ্দেশ্যৰে অসম আৰক্ষীয়ে নিজৰ অভিযানসমূহ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ নগাঁও চহৰৰ মাজমজিয়াত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিছে। চহৰখনৰ খ্ৰীষ্টানপট্টিত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।ASP সুপ্ৰতীভ লাল বৰুৱা আৰু পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত এই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। লগতে আৰক্ষীয়ে নিজামউদ্দিন, গুলজাৰ হুছেইন আৰু ছানু শ্বেইখ নামৰ তিনি সৰবৰাহকাৰীক আটক কৰে।

জানিব পৰা মতে, ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ শ্বানু শ্বেইখে ড্ৰাগছ সৰবৰাহ কৰিছিল। ৫৬টা কণ্টেইনাৰত ২ কেজি ৪০০গ্ৰাম হেৰ’ইন সৰবৰাহ কৰিছিল।

ধৃত গুলজাৰ হুছেইনৰ ঘৰ ডবকাত আৰু নিজামউদ্দিনৰ ঘৰ নগাঁৱৰ ধিঙত বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post