পাচলিৰ বজাৰৰ পৰা উভতিলো, ভাব হ’ল জুইৰ মাজেৰে খোজ কাঢ়ি আহিলো! : কুল শইকীয়া

 


বজাৰত অত্যাধিক হাৰত বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য ৷ বিশেষকৈ শাক পাচলিৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনসাধাৰণক ৷ ১০০ টকাৰ তলত এক কিলোগ্ৰাম সামগ্ৰী নোপোৱা হৈছে বজাৰত ৷ প্ৰতি কিলোগ্ৰাম সামগ্ৰীৰ মূল্য প্ৰায় ১০০ ৰ পৰা ১২০ টকা ৷ উল্লেখনীয় সামগ্ৰীৰ মূল্যৰ তালিকাত আছে বিলাহী ৷ বিলাহীৰ প্ৰতিকিলোগ্ৰামৰ ১২০ টকা আৰু ঠাইবিশেষে ১৪০ টকা ৷ সামগ্ৰীৰ এনে মূল্যবৃদ্ধিৰ পিছতে স্বাভাৱিকতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এই ক্ষেত্ৰত বজাৰৰ এনে মূল্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াই। সামাজিক মাধ্যম যোগে তেওঁ উল্লেখ কৰে “পাচলিৰ বজাৰৰ পৰা উভতিলো , ভাব হ’ল জুইৰ মাজেৰে খোজ কাঢ়ি আহিলো !”


এনেদৰে এতিয়া সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ ক্ষোভ প্ৰতিক্ৰয়া সমাজৰ বিভিন্ন মহলত ৷৷

Post a Comment

Previous Post Next Post