অসম চৰকাৰে নিজে চলাব দীঘলীপুখুৰী, দীঘলীপুখুৰী সম্পৰ্কত সকলো চুক্তি বাতিল কৰিলে চৰকাৰে



 গুৱাহাটীৰ দীঘলীপুখুৰী বহিৰাগত কোম্পানীক গতাই দিয়া সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম ৰাজ্যিক পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। দীঘলীপুখুৰী গুজৰাটৰ কোনো প্ৰতিস্থানক দিয়া নাই বুলি মন্তব্য কৰি ঋতুপৰ্ণ বৰুৱাই লগতে সদৰি কৰে যে কামটো টংলাৰ এটা প্ৰতিষ্ঠানক দিয়া হৈছিল, যিটো প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় গুজৰাটৰ আহমেদাবাদত আছে।

অধ্যক্ষ  ঋতুপৰ্ণ বৰুৱাই আৰু জনোৱা মতে বি টি আৰৰ টংলাৰ কৃষ্ণ চাহ বাগিচাৰ মালিকৰ প্ৰতিষ্ঠান হল ECHT প্ৰতিস্ঠান। তথাপিও সংবাদ মাধ্যমে সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰাত ৰাজ্য চৰকাৰে এতিয়া সকলো চুক্তি বাতিল কৰিছে আৰু এই প্ৰকল্পটো অসম পৰ্যটন উন্নয়ন নিগমে নিজে চলোৱাৰ সিদ্ধান্ত লৈছে বুলি কয় ঋতুপৰ্ণ বৰুৱাই।

উল্লেখযোগ্য যে নতুন কোম্পানীটোৱে প্ৰকল্পটোত থকা নৌকা বিহাৰ, ক্ৰেফিট এৰিয়া সকলোৰে টিকটৰ নিৰিখ বৃদ্ধি কৰিছিল, যিটো চৰকাৰে তাৎক্ষণিকভাৱে বাতিল কৰে। সমগ্ৰ দিঘলীপুখুৰী প্ৰকল্পটোত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা আৰু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিও আছে।

Post a Comment

Previous Post Next Post