টিহুৰ বিজেপি মণ্ডল সভাপতিক হত্যাৰ ভাবুকিৰ অভিযোগ



 নলবাৰী জিলাৰ টিহুৰ হাৰিভাঙ্গাত ভাৰতীয় জনতা পাৰ্টীৰ টিহু মণ্ডলৰ সভাপতি জ্যোতিষ শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত শুক্ৰবাৰে নলবাৰী জিলাৰ টিহু সদৰ থানাত এজাহাৰ দাখিল কৰিছে টিহু মণ্ডল বিজেপিৰ সভাপতি তথা বিজেপি নেতা জ্যোতিষ শৰ্মাই। এজাহাৰত উল্লেখ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা ৯ মান বজাত টিহুৰ হাৰিভাঙ্গা চ’কলৈ ঔষধ আনিবলৈ গৈছিল জ্যোতিষ শৰ্মা।


তাতেই কিছুসময় বন্ধুৰ সৈতে থকাৰ সময়তে ৪৫নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী ইলোৰা ডেকাৰ স্বামী ধীৰেন ডেকাই অপদস্থ পৰে টিহু মণ্ডলৰ সভাপতি জ্যোতিষ শৰ্মাক। অভিযোগ অনুসৰি কোনোধৰণৰ কথাৰ অৱতাৰণা নকৰাকৈয়ে অশ্লীল গালি গালাজ কৰিবলৈ লয় ধীৰেন ডেকা নামৰ লোকজনে। এই কামত বাধাত দিয়াত দলীয় কামৰ অচিলা লৈ জ্যোতিষ শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সৈতে জড়িত ধীৰেন ডেকাৰ ওপৰত বিহিত ব্যৱস্থা প্ৰদানৰ দাবী উত্থাপন কৰিছে জ্যোতিষ শৰ্মাই ।নিশাৰ ভাগত এগৰাকী বিজেপি নেতাক এইদৰে অপদস্থ কৰা বিষয়টোক কোনোৱে সহজভাৱে ল’ব পৰা নাই। ঘটনা সন্দৰ্ভত টিহু আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতেই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰা হৈছে। বৃহস্পতিবাৰে নিশা কি কাৰণে ধীৰেন ডেকাই বিজেপিৰ টিহু মণ্ডল সভাপতিক অপদস্থ কৰিলে সেয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ পিছতহে পোহৰলৈ আহিব।

এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে বুলিও বিজেপিৰ মণ্ডল সভাপতি জ্যোতিষ শৰ্মাই সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে।

Post a Comment

Previous Post Next Post