ধুবুৰীত ভিজিলেঞ্চৰ জালত দুই ঘোচখোৰ বিষয়া, কেলকুলেটৰ মেন হিচাপে কুখ্যাত বিষয়াই ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দুবছৰ ধৰি চলাইছিল লুণ্ঠন


 

ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক গ্ৰেপ্তাৰ কৰা হয়। SP সিংহৰাম মেধিৰ নেতৃত্বত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলোৱা এক অভিযানত ৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে হাতে লোটে ধৰা পেলায় দুজন বিষয়াক।

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলায়। শুকুৰবাৰে আবেলি ৫ বজাৰ পৰা আজি পুৱতি নিশা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি তেওঁলোক দুয়োৰে মাৰাথন জেৰা চলায় ভিজিলেঞ্চে। ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে।

জানিব পৰা মতে, দুৰ্নীতি নিবাৰক দলটোৱে CEO বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাৰ বাসগৃহত অভিযান চলাই কেইবা কোটি টকাৰ লগতে বহু লাখ টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ গৌৰীপুৰত মৃণালকান্তি সৰকাৰৰ ঘৰতো ভিজিলেঞ্চে অভিযান চলায়। মৃণালকান্তিৰ ঘৰত নিশা ১ বজালৈ তালাচী চলে আৰু ভিজিলেঞ্চে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

উল্লেখ্য যে, কেলকুলেটৰ মেন হিচাপে কুখ্যাত CEO বিশ্বজিৎ গোস্বামীয়ে ধুবুৰীৰ ZPCত দুবছৰ ধৰি লুণ্ঠন চলাইছিল। তথ্য অনুসৰি বিশ্বজিৎ গোস্বামীৰ সম্পত্তি ১১টা স্থানত আছে। গুৱাহাটীতে বিশাল সম্পত্তি আছে আৰু ইয়াত বিশাল অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। তেওঁৰ পত্নীৰ নামত থকা ফ্লেটতো আঢ়ৈ কোটি টকা উদ্ধাৰ হৈছিল বুলি জানিব পৰা গৈছে। বিশ্বজিৎ গোস্বামীৰ ৬টা বেংক একাউণ্ট জব্দ কৰা হৈছে।অভিযোগ অনুসৰি বিগত দুটা বছৰে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰি নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হোৱাৰ লগতে কাৰ্যালয়টোত বিভিন্ন কাম কাজৰ বাবদ আগধন হিচাবে লৈ CEO বিশ্বজিৎ গোস্বামীয়ে আঁচনি আবণ্টন  কৰে।

উল্লেখনীয় যে ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ৯% কমিচন দাবী কৰে। কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী সহ সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰক আটক কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post