অসমত আজি দিনৰ ভাগত ৰাজ্যৰ বহু ঠাইতে কিছু গৰম পৰিব আৰু ৰ’দ দিয়াৰ সম্ভাৱনা আছে। লগতে ৰাতিৰ ভাগত ৰাজ্যৰ সকলো ঠাইতে সৰ্বনিম্ন তাপমান ২৩-২৬ ডিগ্ৰীৰ ভিতৰত থাকিব। আজি দিনটোত ৰাজ্যৰ কোনো কোনো অংশত বৰষুণৰ সম্ভাৱনাও আছে।
গুৱাহাটীত দিনৰ ভাগত ৰ’দ থাকিব। ইয়াত সৰ্বোচ্চ তাপমান ৩৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী হ’ব। আজি দিনটো বৰষুণৰ সম্ভাৱনা ৯৫ শতাংশ সম্ভাৱনা আছে।উত্তৰ লখিমপুৰৰ আকাশ আজি ডাৱৰে আৱৰি ৰাখিব আৰু বৰষুণৰ সম্ভাৱনাও আছে। দিনটো ইয়াৰ বিভিন্ন ঠাইত কম-বেছি পৰিমাণে বৰষুণ দিব। বুধবাৰে সৰ্বোচ্চ তাপমান ৩৩ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী হ’ব। বৰষুণৰ সম্ভাৱনা ৯২ শতাংশ থাকিব।
যোৰহাটত দিনটো প্ৰখৰ ৰ’দে ছানি ধৰিব। দিনটোৰ শেষলৈ কোনো কোনো অঞ্চলত বৰষুণ আৰু বিচ্ছিন্ন অঞ্চলত বজ্ৰপাতৰ সম্ভাৱনাও আছে। দিনটোৰ আৰম্ভণিতে সৰ্বোচ্চ তাপমান ৩৩ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমান ২৬ ডিগ্ৰী হ’ব। বৰষুণৰ সম্ভাৱনা ১০০ শতাংশ থাকিব।