আনন্দ মিশ্ৰৰ খোজত কঁপিছে অপৰাধীৰ বৰঘৰ, এইপৰ্যন্ত ২৪জন অপৰাধীৰ আত্মসমৰ্পণ


 

লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা এতিয়া অপৰাধৰ ভেটিত কঁপনি উঠিছে। আনন্দ মিশ্ৰৰ ভয়ত এতিয়া আত্মসমৰ্পণ কৰিছে ইজনৰ পিছত সিজন আইনবিৰুদ্ধ কামৰ সৈতে জড়িত লোক। আনন্দ মিশ্ৰৰ সকীয়নিৰ পিছত এতিয়া ভৰিৰ তলৰ মাটি নাইকীয়া হৈছে অপৰাধীৰ। আনন্দ মিশ্ৰই কৈছিল – ‘অপৰাধীৰ জগতখন খুবেই সৰু, য’তেই নাথাকক ধৰা পৰিবই। নিজে ওলাই আহিলে ভাল।’ আৰক্ষী অধীক্ষকগৰাকীৰ এই সকীয়নিৰ পিছতে এতিয়া ধৰা দিছেহি ইজনৰ পিছত সিজন অপৰাধী।


আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছত এতিয়ালৈ ২৪জন অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে। এই আটাইকেইজন নকল সোণ, জাল নোট চক্ৰৰে জড়িত বুলি জানিব পৰা গৈছে। ইফালে, আনন্দ মিশ্ৰৰ আতংকত বহু দাগী অপৰাধীয়ে পলায়ন কৰিছে বুলিও জানিব পৰা গৈছে। বুধবাৰে নকল সোণৰ মাষ্টাৰমাইণ্ড আজগৰ আলী, আবু চহিদ, আতিকুলে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত। লগতে আন বহুকেইজনে নিজেই আহি আৰক্ষীৰ হাতত ধৰা দিছে।



আনহাতে, আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত তেওঁৰ ভাষ্য প্ৰকাশ পাইছে। ছচিয়েল মিডিয়াতো আনন্দ মিশ্ৰক লৈ যথেষ্ট চৰ্চা হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনন্দ মিশ্ৰক সামাজিক মাধ্যমৰ প্ৰীতি এৰি আদৰ্শ আৰক্ষী হিচাপে কাম কৰিবলৈ ধমক দিছে। প্ৰকাশিত খবৰ অুসৰি, মুখ্যমন্ত্ৰীয়ে আনন্দ মিশ্ৰক সামাজিক মাধ্যমৰ প্ৰীতি এৰি আদৰ্শ আৰক্ষী অধীক্ষক হিচাপে আত্মনিয়োগ কৰিবলৈ নিৰ্দেশ দিছে। লগতে অপৰাধ সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বিট প্ৰস্তুতত ব্যস্ত হ’বলৈ কয়।উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে বদলি কৰা হৈছিল লখিমপুৰৰ আৰক্ষী অধীক্ষকক। বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদানৰ পিছতে অপৰাধীক আনন্দ মিশ্ৰই দিছিল সকীয়নি। অপৰাধৰ বিৰুদ্ধে জোৰদান কাম হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল আনন্দ মিশ্ৰই। অপৰাধীক নিজে ওলাই আহিবলৈ সকীয়াই দিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে।

Post a Comment

Previous Post Next Post