গুৱাহাটীৰ খানাপাৰাত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সময়তে খাৰঘুলিত ভয়ংকৰ ঘটনা। মাটিৰ তলৰ পানীৰ পাইপ ফুটি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
হঠাতে পাইপৰ পানীয়ে বিস্ফোৰক সদৃশ ৰূপ লোৱাত ঘটনাত এগৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে আহত হয় কেইবাগৰাকীও লোক। পানীৰ পাইপ বিস্ফোৰণ হোৱাৰ ফলত পানী বহু ওপৰলৈ উঠাৰ লগতে তীব্ৰ গতি লৈ দীৰ্ঘ দূৰত্বত পৰে (JICA Pipe Line Burst)।
গেমন জাইকাৰ মেইন লাইনৰ পাইপ ফুটাৰ বাবে ওলোৱা পানীৰ কোবত গাড়ী উলটি যোৱাৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ বিস্তৰ ক্ষতি হয়। ঘটনাৰ পিছতে বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
