''পূৰ্বৰ চৰকাৰে নিজৰ মানুহক চাকৰি দিছিল, কিন্তু বিজেপি চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তি দিছে''



 ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি খানাপাৰাত অনুষ্ঠিত বৃহৎ নিযুক্তি সমাৰোহত উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দুবছৰীয়া সাফল্যৰ বাবে প্ৰশংসা কৰে। গৃহমন্ত্ৰী শ্বাহে মুখ্যমন্ত্ৰীগৰাকীৰ সুদক্ষ নেতৃত্ব প্ৰসংগত কয় যে অসমৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁৰ কাম–কাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰিছে।


প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰি তেওঁ কয়– অশান্ত অসমক বিকশিত কৰাৰ কাম প্ৰথমে সৰ্বানন্দ সোণোৱাল আৰু এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। তেওঁ লগতে কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা দল বিজেপি। হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰস্তাৱৰ সময়তো বহুত চৰ্চা হৈছিল আমাৰ আলোচনা কক্ষত। কিন্তু আঢ়ৈ বছৰৰ ভিতৰতে এই নিযুক্তি প্ৰদান কৰাটো এক বৃহৎ সাফল্য চৰকাৰখনৰ বাবে। পূৰ্বৰ চৰকাৰে নিজৰ মানুহক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু বিজেপি চৰকাৰে দুখীয়াক মেধাৰ ভিত্তিত নিযুক্তি দিছে। শ্বাহে অশান্ত অসম শান্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰচেষ্টা লোৱাৰ কথা উল্লেখ কৰি কয়– অত্যাধুনিক বগীবিল দলং নিৰ্মাণ কৰি অসমক উপহাৰ দিছে মোদীয়ে। বিজেপিয়ে নিৰ্বাচনত দিয়া এটা এটা প্ৰতিশ্ৰুতি পূৰণ কৰিব।

গৃহমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছকো সমালোচনা কৰে। তেওঁ কয়– কংগ্ৰেছৰ দৃষ্টিভংগী সদায় ঋণাত্মক, সংসদ ভৱন উদ্ঘাটন কাৰ্যসূচী বৰ্জন কৰিছে কংগ্ৰেছে। দেশৰ প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী হিচাপে মানি লোৱা নাই কংগ্ৰেছে। কংগ্ৰেছে অস্বীকাৰ কৰক, ৰাইজে বিজেপিক স্বীকাৰ কৰিছে, আদৰিছে।

নতুন সংসদ ভৱন উদ্বোধনক লৈ কংগ্ৰেছে ৰাষ্ট্ৰপতিক অপমানৰ অভিযোগ তোলা প্ৰসংগত শ্বাহে কয়– ছত্তীশগড় বিধানসভাৰ ভূমিপূজন কংগ্ৰেছৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে কৰিলে ৰাজ্যপালক নামাতিলে, একেই ঘটনা অন্ধ্ৰপ্ৰদেশ, অসম, তামিলনাডুতো হৈছিল, য'ত ৰাজ্যপালক মতা হোৱা নাছিল। কিন্তু তেতিয়া এয়া ঠিকেই আছিল, কিন্তু এতিয়া বিজেপিয়ে কৰাত তেওঁলোকৰ কোপদৃষ্টি পৰিল। শ্বাহে কয় নতুন সংসদ ভৱন উদ্বোধনৰ অনুষ্ঠান কংগ্ৰেছ দলে বৰ্জন কৰিলেও একো নহয়, সমগ্ৰ দেশৰ জনতাৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আছে। শ্বাহে লগতে কংগ্ৰেছৰ পথত চলাসকলৰো অৱস্থা কংগ্ৰেছৰ দৰেই হ'ব বুলিও প্ৰকাশ কৰে।

উল্লেখ্য, শিক্ষা বিভাগৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পিছত বাকী বিভাগসমূহৰো নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আজি গুৱাহাটীত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post