বিলাসীপাৰা চহৰত দুৰ্বৃত্তৰ গুলীচালনা। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা এজন বিশিষ্ট ব্যবসায়ীক। ভৈৰৱগঞ্জৰ ভাড়া ঘৰত গুলীয়াই হত্যা কৰে প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক। বাছেৰ আলীৰ ঘৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত।
মাজনিশা সংঘটিত হোৱা এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনাস্থালীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
নিহত বাছেৰ আলীৰ মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা খালী কাৰ্টিজ। বাছেৰ আলী JCB, ফকলেন, ডাম্পাৰ, শিল, আদি ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে।
বাছেৰ আলীৰ নিজা ঘৰ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চুৱাপাতা প্ৰথম খণ্ড গাঁৱত। নিহত বাছেৰ আলী ৩ সন্তানৰ পিতৃ আছিল বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও কৰে নিহতৰ আত্মীয়ৰ লগতে একাংশ ক্ষুব্ধ লোকে।
ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও কৰে নিহতৰ আত্মীয়ৰ লগতে একাংশ ক্ষুব্ধ লোকে।