চৰাইদেউ জিলাৰ কাকতিবাৰী পুতুল নগৰত ৰাজপথত চলন্ত বাহনত জুই লাগে। মাহমৰাৰ জাপিধৰাৰ কাকতিবাৰী পুতুল নগৰত এই ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে, AS 33 C 0486 নম্বৰৰ মহিন্দ্ৰ জিত' বাহন অগ্নিদগ্ধ হৈ সম্পূৰ্ণ জ্বলি যায়। বাহনখনৰ স্বত্বাধিকাৰী আবিদুৰ ৰহমানে কাকতিবাৰীৰ পৰা সোণাৰিৰ দিশে অহাৰ সময়তে এই ঘটনা সংঘটিত হয়।
অৱশ্যে চলন্ত গাড়ীখনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হৈছিল সেইয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আবিদুৰে কয় যে, তেওঁৰ চলন্ত গাড়ীখন ৰাজপথত নিজে নিজে বন্ধ হৈ গৈছিল। ইয়াৰ পিছতেই তেওঁ বাহনখন পুনৰ চলোৱা আৰম্ভ কৰিবলৈ চেষ্টা কৰোতেই জুই লাগিবলৈ ধৰে গাড়ীখনত। ইয়াৰ পিছতেই গাড়ীখনৰ পৰা আবিদুৰ ওলাই আহে যদিও তেওঁৰ হাতত অলপ জুইয়ে পুৰে।বিগত কেইমাহ মানত এনেদৰে চলন্ত বাহনত জুই লাগি ধৰাৰ বহু ঘটনা পোহৰলৈ আহিছে। সেয়েহে এনে ঘটনাৰ পৰা বাচিবলৈ সময়ে সময়ে নিজৰ বাহনৰ পৰীক্ষা কৰোৱাটো বাৰুকৈয়ে প্ৰয়োজনীয় হৈ পৰিছে।
