মণিপুৰৰ সীমান্তত সাজু মানৱবিহীন বিমান-ট্ৰেকাৰ কুকুৰ


 

হিংসাজৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে ভাৰতীয় সেনাই লৈছে বিশেষ ব্যৱস্থা ৷ 'Together for Peace in Manipur' শীৰ্ষক এলানি কাৰ্যপন্থাৰ জৰিয়তে সেনাই মণিপুৰ চৰকাৰৰ লগতে সকলো সম্প্ৰদায়ৰ বিষয়ববীয়া আৰু প্ৰশাসনৰ লগত জড়িত সকলো লোকৰ সৈতে আলোচনাৰ জৰিয়তে সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ আশংকা দূৰীকৰণ আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে লৈছে বিশেষ ব্যৱস্থা ৷


সেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে মণিপুৰত শান্তি সুনিশ্চিত কৰাৰ বাবে এক শক্তিশালী মাল্টি এজেঞ্চী ইণ্ট গ্ৰীড প্ৰস্তুত কৰা হৈছে ৷ ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে ১২৮ টাতকৈও অধিক সেনা আৰু অসম ৰাইফলছৰ দল, মানৱবিহীন বিমান আৰু দূৰৱৰ্তীভাৱে পৰিচালনা কৰা বিমান মজুত কৰা হৈছে ৷ বিগত ৭২ ঘণ্টাত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি চিনাক্ত কৰা সীমামূৰীয়া অসুৰক্ষিত স্থানসমূহলৈ সুপৰিকল্পিতভাৱে সাজু কৰা অসম ৰাইফলছৰ এটা দল দীৰ্ঘ সময়ৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, সুৰক্ষা বাহিনীয়ে মণিপুৰৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বিভিন্ন সম্প্ৰদায়ৰ গাঁওসমূহ ভ্ৰমণ কৰাৰ লগতে গাঁওবাসী আৰু প্ৰভাৱশালী লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ আলোচনাৰ পাচতে তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ লগতে প্ৰয়োজনীয়সকলক সহায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷আনহাতে মণিপুৰবাসীক শান্তি সম্প্ৰীতি বজাই ৰাখি নিৰাপত্তা বাহিনীক সহযোগিতা আগবঢ়াবলৈ সেনাই আহ্বান জনাইছে । ইয়াৰোপৰি ঘৃণা বিয়পোৱা কোনো শক্তিক আশ্ৰয় প্ৰদান নকৰি ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈও সেনাই আহ্বান জনাইছে ৷

Post a Comment

Previous Post Next Post