সোমবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত জিলিকি উঠিল বহু বিদ্যালয়। নিজৰ ছাত্ৰ–ছাত্ৰীৰ ফলাফলক লৈ গৰ্বিত বহু বিদ্যালয়, শিক্ষক–শিক্ষয়িত্ৰী, অভিভাৱক। ফলাফলৰ পিছতে বহু বিদ্যালয়ত দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ। কিন্তু ইয়াৰ মাজতে আজি দুখন এনেকুৱা বিদ্যালয়ৰ কথা আপোনালোকক জনাব বিচাৰিছো যি দুখন বিদ্যালয়ৰ পৰা কোনো ছাত্ৰ–ছাত্ৰীয়ে শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰা নাই। কিন্তু এই ফলাফলে এক সুকীয়া সন্তুষ্টি প্ৰদান কৰিছে বিদ্যালয় দুখনৰ শিক্ষকবৃন্দৰ লগতে অভিভাৱকসকলক।
গোসাঁইগাঁৱৰ মহকুমাধিপতি আৰণ্যক শইকীয়াই ছচিয়েল মিডিয়াযোগে এই বিদ্যালয় দুখনৰ কথা উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি, গোসাঁইগাঁও মহকুমাত যোৱাবাৰ দুখন বিদ্যালয়ত প্ৰায় সকলো পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল। অৰ্থাৎ ফলাফলৰ হাৰ আছিল শূন্য। সোমবাৰে ঘোষিত ফলাফলত ইয়াৰে শাস্ত্ৰী বিদ্যাপীঠ হাইস্কুলৰ ১০গৰাকী শিক্ষাৰ্থীৰ ৯ জনেই উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯০ শতাংশ। ইয়াৰে এগৰাকীয়ে প্ৰথম বিভাগ পাইছে।
আনহাতে, অমৃতপুৰ ব্ৰহ্ম সেৱাশ্ৰম হাইস্কুলৰ ৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪১ গৰাকীয়ে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ। কেইটামান মাহ দণ্ডাধীশে এই বিদ্যালয় দুখনৰ সৈতে জড়িত হৈ পৰিছিল। শিক্ষক আৰু ছাত্ৰ–ছাত্ৰীৰ লগত কথা–বতৰা পাতিছিল, অনুপ্ৰেৰণা দিছিল। আৰু যোৱা বছৰ এজনো উত্তীৰ্ণ নোহোৱা বিদ্যালয় দুখনে এই বছৰ দেখুৱালে আশাপ্ৰদ ফলাফল।
আৰণ্যক শইকীয়াই লিখিছে, আজি এইবুলিও ভাল লাগিছে যে স্থান আৰু ডিষ্টিংশ্যন প্ৰাপ্তিৰ পৰা আঁতৰিও আমাৰ ৰাজ্যৰ চুকে–কোণে সকলোৱে নিজৰ নিজৰ ব্যতিক্ৰমী যুদ্ধ এখনতো উত্তীৰ্ণ হৈছে। নিশ্চিতভাৱেই বিদ্যালয় দুখনৰ বাবে এয়া এক আনন্দৰ খবৰ, প্ৰাপ্তিৰ মুহূৰ্ত, সন্তুষ্টিৰ সময়। অনাগত সময়ত এই দুখন বিদ্যালয়ে অধিক উন্নত প্ৰদৰ্শন কৰক।