লখিমপুৰৰ ডিম্পীৰ কথা মনত আছেনে? মন চুই যোৱা কথাৰে ভগা স্কুলখনৰ পৰা মানুহ হোৱাৰ সপোন ৰচা ডিম্পীৰ মেট্ৰিকৰ ফলাফল কি হ’ল?


 

লখিমপুৰৰ ডিম্পী চেতিয়াৰ কথা মনত আছেনে? আছেনে মনত ডিম্পীয়ে পঢ়া জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়খনৰ কথা? অৱশ্যে নাথাকিবও পাৰে আপোনাৰ মনত। কাৰণ, কেতিয়াবা ভিৰৰ মাজত হেৰাই যায় খবৰবোৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে সেইসময়ৰ কণমানি মৰমলগা ছোৱালীজনী।


৭ বছৰ পূৰ্বে News18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল এক বিশেষ প্ৰতিবেদন। কিমান অভাৱ অনাটন আৰু প্ৰত্যাহ্বানৰ মাজতো যে মানুহে সফলতাৰ বাটেৰে আগুৱাই গৈ থাকিব পাৰে, নিৰাশাৰ মাজতো যে সিঁচিব পাৰে আশাৰ বীজ, সেই কথা পুনৰবাৰ প্ৰমাণ কৰি চৰ্চালৈ আহিছে লখিমপুৰৰ ডিম্পী।

দৰিদ্ৰতা, প্ৰত্যাহ্বানৰ মাজতো ডিম্পীয়ে দেখিছে এটি যোগাত্মক সপোন, সপোন দেখিছে প্ৰকৃতাৰ্থত এগৰাকী ভাল মানুহ হোৱাৰ। কিমান যে আশা, হেঁপাহ আছে তাইৰ, সেই তেতিয়াই কণমানি ডিম্পীৰ চকুত ধৰা দিছিল এই কথাবোৰে।

Post a Comment

Previous Post Next Post